কেঁচা চাহপাতৰ মূল্য হ্ৰাস : টিংখাঙত সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

author img

By

Published : Sep 28, 2022, 11:44 AM IST

Updated : Sep 29, 2022, 8:31 AM IST

bidrugarh

সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে টিংখাঙৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি (crisis of small tea growers in Assam) ।

মৰাণ, ২৮ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গোৎসৱৰ সময়তে টিংখাঙত হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতি (crisis of small tea growers in Assam) । দুৰ্গোৎসৱৰ আনন্দ-উলাহে চুব পৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কসকলক । কাৰণ যিটো সময়ত পেট্ৰ'ল-ডিজেলকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাবলৈ ধৰিছে, তেনে সময়তে হোৰাহোৰে কমিবলৈ ধৰিছে কেঁচা চাহপাতৰ মূল্য (raw tea leaves price declining) ।

বৰ্তমান হোটেলৰ একাপ চাহৰ সমানো মূল‌্য নাই এক কেজি কেঁচা চাহপাতৰ । উল্লেখ্য যে চলিত বছৰৰ মাৰ্চ-এপ্ৰিল মাহত কেঁচা চাহপাতৰ মূল্য আছিল ৩০-৩৫ টকা । কিন্তু উক্ত দৰ হ্ৰাস পাই বৰ্তমান হৈছেগৈ ১০-১১ টকা । ইফালে এক কেজি কেঁচা চাহপাত তুলিবলৈ শ্ৰমিকক দিব লাগে ৫-৬ টকা ।

কেঁচা চাহপাতৰ মূল্য হ্ৰাস : টিংখাঙত সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

আনহাতে, ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আদিৰ দাম দিনক দিনে বৃদ্ধি পোৱাৰ সময়ত কেঁচা চাহপাতৰ সৰ্বনিম্ন মূল্যই চাহ খেতিয়কসকলৰ মূৰত ৰামটাঙোন শোধাইছে (Assam small tea growers big problems) । সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে টিংখাঙৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ।

পৰিতাপৰ কথা যে চাহ খেতিৰ যোগেদি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰি অহা ক্ষুদ্ৰ চাহ খেতিয়কসকলক সময়ে সময়ে মাধমাৰ শোধাই আহিছে বৃহৎ চাহ কোম্পানী আৰু বটলিফ ফেক্টৰীসমূহে । ভাৰতীয় চাহ বোৰ্ডৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই কেঁচা চাহপাত ক্ৰয় কৰা একাংশ বৃহৎ চাহ কোম্পানী আৰু বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচাপাতত উচিত মূল্য প্ৰদান কৰাত কৃপণালি কৰি আহিছে ।

ফলত কেঁচা চাহপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ অহাৰ লগতে কেতিয়াবা বাগিচাৰ কেঁচাপাত ৰাজপথত পেলাই দিবলগাৰ দৰে দুৰ্ভাগ্যজনক পৰিস্থিতিতো পৰিবলগা হয় ক্ষুদ্ৰ চাহ খেতিয়কসকল । এনে পৰিস্থিতিত কেঁচা চাহপাতৰ এক গ্ৰহণযোগ্য মূল্য নিৰ্ধাৰণ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে স্থানীয় বিধায়ক তথা উদ্যোগ মন্ত্ৰী বিমল বড়াক দাবী জনাইছে টিংখাঙৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।

লগতে পঢ়ক :সংকটত ক্ষুদ্ৰ চাহ খেতিয়ক : পুনৰ নিম্নগামী কেঁচা চাহপাতৰ মূল্য

Last Updated :Sep 29, 2022, 8:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.