ডিব্ৰুগড়ত অসম-অৰুণাচলৰ সীমা বিবাদক লৈ উচ্চ পৰ্যায়ৰ বৈঠক

author img

By

Published : Sep 29, 2022, 10:50 PM IST

ডিব্ৰুগড়ত অসম-অৰুণাচলৰ সীমা বিবাদক লৈ উচ্চ পৰ্যায়ৰ বৈঠক

অসম-অৰুণাচল সীমান্তৰ সীমা সমস্যাক(Assam Arunachal border conflict) লৈ ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত অৰুণাচল ভৱনত গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত উপস্থিত থাকে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেই আৰু মন্ত্ৰী অতুল বৰা ৷

ডিব্ৰুগড়, 29 ছেপ্টেম্বৰ: অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেই আৰু মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গঠিত আঞ্চলিক সমিতিৰ অসম-অৰুণাচল সীমান্তৰ সীমা সমস্যাক লৈ ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত অৰুণাচল ভৱনত প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক (Arunachal Bhawan Dibrugarh)।

উল্লেখ্য যে, ১৫ জুলাইত অৰুণাচল প্ৰদেশৰ নামচাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মাজত স্বাক্ষৰিত হৈছিল ঐতিহাসিক নামচাই ঘোষণাপত্ৰ ৷ ইয়াৰ পাচত ২২ আগষ্টত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেই(Arunachal Deputy CM Chowna Mein) আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা(Minister Atul Bora) নামচাইত মিলিত হৈ দুয়োখন ৰাজ্যৰ সীমা বিবাদ সম্পৰ্কীয় আলোচনাত মিলিত হৈছিল ।

ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী মেই আৰু মন্ত্ৰী বৰাৰ নেতৃত্বত গঠিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে অসম-অৰুণাচল সীমান্তৰ নামচাই জিলাৰ বিবদমান অঞ্চলসমূহ ভ্ৰমণ কৰিছিল । বৃহস্পতিবাৰে দুয়োখন ৰাজ্যৰ মাজত গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদ মেলত মন্ত্ৰী চৌনা মেই কয় যে, ইতিপূৰ্বে গঠিত আঞ্চলিক সমিতিখনে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট আঞ্চলিক সমিতিখনৰ প্ৰতিনিধিৰ সৈতে যুটীয়াভাৱে আজি প্ৰথমখন বৈঠক এক সৌহাদ্যপূৰ্ণভাৱে সম্পন্ন হ’ল (Review meeting on Assam Arunachal border conflict)।

ডিব্ৰুগড়ত অসম-অৰুণাচলৰ সীমা বিবাদক লৈ উচ্চ পৰ্যায়ৰ বৈঠক

ইতিমধ্যে নামচাই জিলাৰ অসম-অৰুণাচল সীমান্তৰ বিবদমান অঞ্চলসমূহ সমিতিয়ে পৰিদৰ্শন কৰাৰ পাছত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে এই পৰিদৰ্শনৰ ভিত্তিত আঞ্চলিক সমিতিখনে সীমা সমস্যা সমাধান পথ প্ৰশস্ত হোৱা বুলি উল্লেখ কৰে । প্ৰসংগক্ৰমে মেই অসমৰ তিনিচুকীয়া জিলাৰ সীমাত থকা অৰুণাচলৰ লোহিত আৰু নামচাই জিলাত সীমাক লৈ কোনো সংঘাত নাই বুলি মন্তব্য কৰে ।

অসম-অৰুণাচলৰ বহু বছৰ পুৰণি সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ(Union defence minister Rajnath Singh) নিৰ্দেশত চুবুৰীয়া ৰাজ্য দুখনৰ সৈতে থকা সীমা বিবাদ অতি সোনকালেই নিষ্পত্তি কৰিব পৰা যাব বুলি মন্তব্য কৰে । আজিৰ বৈঠকত অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাং, ডাম্বুকৰ বিধায়ক গোম টায়েং, তেজু চুণপূৰাৰ বিধায়ক কাৰিক' কাৰি, নামচাইৰ বিধায়িকা জিনগো নামছুম, লিকাঙৰ বিধায়ক জমুঙ এতে দেউৰী, ৰয়িংৰ বিধায়ক মুটচু মিথি, অৰুণাচলৰ কেইবাখনো জিলা উপায়ুক্তই অংশগ্ৰহণ কৰে ৷

ইয়াৰোপৰি শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, সাংসদ প্ৰদান বৰুৱা, তিনিচুকীয়া জিলা উপায়ুক্ত নাৰচিং পাৱাৰ, ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে বৈঠকখনত ৷

লগতে পঢ়ক: দেশৰ ভিতৰত সৰ্বাধিক শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰে অসমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.