Community marriage: টিংখাঙৰ ৰাজগড়ত এখন বিশেষ বিয়া

Community marriage: টিংখাঙৰ ৰাজগড়ত এখন বিশেষ বিয়া
এখন দুখন নহয় একেলগে ৪৫৬ খন বিয়া (Community marriage in Dibrugarh)। বিয়া চাবলৈ ৰাইজৰ হেতা-ওপৰা লাগিল টিংখাঙত । আয়তীৰ উৰুলি, বিয়া নাম, পুৰোহিত মন্ত্ৰ ধ্বনিৰে মুখৰিত হ'ল ৰাজগড় । আদহীয়া দম্পতীও বহিল বিয়াত ।
মৰাণ,৫ আগষ্ট : ডিব্ৰুগড়ৰ টিংখাঙত উখল মাখল পৰিৱেশ । লোকে লোকাৰণ্য টিংখাঙৰ ৰাজগড় । আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, বৈদিক মন্ত্ৰধ্বনিত মুখৰিত হ'ল টিংখাঙৰ আকাশ বতাহ । আপুনি ঠিকে অনুমান কৰিছে এয়া বিয়াৰ পৰিৱেশ ।
কিন্তু এখন দুখন নহয়, একেলগে ৪৫৬ খন বিয়া (Over 400 married together in Dibrugarh)। এই বিয়া চাবলৈ শ শ লোক ভিৰ কৰা দেখিবলৈ পোৱা গৈছে । লক্ষণীয়ভাৱে একেখন ৰভাৰ তলত হোমৰ জুইক সাক্ষী কৰি ৪০০ৰো অধিক দৰা-কইনা বহিছে বিয়াৰ বাবে । বৃহস্পতিবাৰে এই বিবাহে যথেষ্ট চৰ্চা লাভ কৰে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত ।
আচলতে এয়া সামুহিক বিবাহ (Community marriage in Tingkhong)। ৰাজগড়ৰ শ্ৰী শ্ৰী যুৰীয়া আই থানত ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত তথা দি হান্স ফাউণ্ডেশ্যনৰ সহযোগত সামূহিক বিবাহ সংস্কাৰ অনুস্থানৰ আয়োজন হয় । য'ত এনেদৰে দৰা-কইনাই ভিৰ কৰে । এই বিশেষ বিবাহ অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰি দৰা-কইনাক আশীৰ্বাদ দিয়ে ।
ইফালে এই বিয়া আন এটা কাৰণতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে । কিয়নো দৰা-কইনাৰ সাজত কেৱল যুৱক-যুৱতীসকলেই নাই আদহীয়া দম্পতীও বহিল বিয়াত । এনে এক সামূহিক বিবাহত নিজৰ বিয়াখন সম্পন্ন হোৱাৰ বাবে আকৌ আনন্দিত হৈছে দৰা-কইনাসকল ।
লগতে পঢ়ক :Poor condition of a Primary school: বৰক্ষেত্ৰীত প্ৰাথমিক শিক্ষাৰ পয়ালগা ছবি
