চৰাইদেউত অসমীয়া যুৱকৰ অসমীয়াগীৰি

author img

By

Published : Sep 25, 2021, 10:48 PM IST

axomiyagiri-at-charaideo-by-bishwajit-gogoi

চৰাইদেউ জিলাৰ চুকাফা নগৰৰ বিশ্বজিৎ গগৈ নামৰ উদ্যমী যুৱকজনে অসমীয়া চিন্তা চেতনাৰে গঢ় দিছে অসমীয়া পাকঘৰ নামৰ এটি অনুষ্ঠান ৷ অসমীয়া গ্ৰাম্য জীৱনত প্ৰস্তুত হোৱা বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য সম্ভাৰক লৈ নিজৰ লগতে আন বহু যুৱক যুৱতীৰ জীৱিকা নিৰ্বাহৰ পথ দেখুৱাইছে যুৱকজনে ৷

মৰাণ,25 ছেপ্তেম্বৰ: চৰাইদেউ জিলাত অসমীয়া যুৱকৰ কৰ্মমূখী আন্দোলন ৷ পিছে এই আন্দোলন কিছু ব্যতিক্ৰম ৷ কৃষি, হাঁহ , কুকুৰা, গাহৰি পালন বা দুগ্ধ উৎপাদন নহয় এই আন্দোলন অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ জীয়াই ৰাখি নিজকে আত্মনিয়োগ কৰাৰ আন্দোলন ৷ চৰাইদেউ জিলাৰ চুকাফা নগৰৰ বিশ্বজিৎ গগৈ নামৰ উদ্যমী যুৱকজনে অসমীয়া চিন্তা চেতনাৰে গঢ় দিছে অসমীয়া পাকঘৰ নামৰ এটি অনুষ্ঠানৰ ৷

অসমীয়া গ্ৰাম্য জীৱনত প্ৰস্তুত হোৱা বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য সম্ভাৰক লৈ নিজৰ লগতে আন বহু যুৱক যুৱতীৰ জীৱিকা নিৰ্বাহৰ পথ দেখুৱাইছে যুৱকজনে ৷ অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ লগতে জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰক কেন্দ্ৰ কৰি গঢ়ি তুলিব পৰা নিশ্চিত কৰ্মসংস্থাপনৰ সম্ভাৱনীয়তাক জগত সভালৈ উলিয়াই নিয়াৰ প্ৰয়াস চলাইছে চৰাইদেউ জিলাৰ চুকাফা নগৰৰ বিশ্বজিৎ গগৈ নামৰ উদ্যমী যুৱক জনে ৷

চৰাইদেউত অসমীয়া যুৱকৰ অসমীয়াগীৰি

চৰাইদেউ জিলাৰ বিভিন্ন স্থানত বিগত চাৰি পাঁচ বছৰে পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত আৰু পৰিবেশনৰ অভিজ্ঞতাৰে নিজৰ লগতে আন বহু যুৱক যুৱতীৰ জীৱিকা নিৰ্বাহৰ পথ মোকলাব পৰাৰ প্ৰচুৰ সম্ভাৱনীয়তা নিশ্চিত কৰিছে যুৱকজনে ৷ দীৰ্ঘ পৰিকল্পনাৰ অন্তত ২০১৯ চনৰ জানুৱাৰীৰ পৰা যুৱক জনে খিলঞ্জীয়া যুৱক যুৱতীৰ উদ্যোগত আৰম্ভ কৰে অসমীয়া পাকঘৰ নামেৰে এটি অনুষ্ঠানটো ৷

এই অসমীয়া পাকঘৰৰ জৰিয়তে বিভিন্ন সামাজিক অনুষ্ঠান, বিবাহ অনুষ্ঠান, ঘৰুৱা অনুষ্ঠান, উৎসৱ পাৰ্বন আদিত নিজস্বতা ৰক্ষা কৰি সম্পূৰ্ণ অসমীয়া ৰান্ধনীয়ে ৰন্ধন কৰা অসমীয়া তথা জনজাতীয় বিভিন্ন পৰম্পৰাগত খাদ্য পৰিবেশন কৰি আহিছে ৷ যুৱকজনৰ এই কৰ্মত সহযোগ কৰিছে জিলাখনৰ কেইবাগৰাকীও শিক্ষিত যুৱক যুৱতীয়ে ৷

লগতে পঢ়কঃ 1 অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

সমগ্ৰ চৰাইদেউ জিলা সামৰি আৰম্ভ কৰা এই অসমীয়া পাকঘৰ বৰ্তমান সৰ্বত্ৰে জনপ্ৰিয় হৈ পৰিছে ৷ ইতিমধ্যেই প্ৰায় ১০০/ ১৫০ গৰাকী যুৱক যুৱতীয়ে অসমীয়া পাকঘৰত কাম কৰি উপাৰ্জনক্ষম হৈ উঠিছে ৷ মাহিলী প্ৰতিগৰাকী যুৱক-যুৱতীয়ে উৰ্পাজন কৰে ১৫০০০হাজাৰ টকা ।

বিভিন্ন সামাজিক অনুষ্ঠান , বিবাহ অনুষ্ঠান, ঘৰুৱা অনুষ্ঠান, উৎসৱ পাৰ্বন আদিত নিজস্বতা ৰক্ষা কৰি সম্পূৰ্ণ অসমীয়া ৰান্ধনীয়ে ৰন্ধন কৰা অসমীয়া তথা জনজাতীয় বিভিন্ন পৰম্পৰাগত খাদ্য যেনে টোপোলা ভাত , মুগা লেটা , পাতত দিয়া মাছ, ভাপত দিয়া মাছ, খৰিকাত দিয়া মাংস, বাঁহৰ চুঙাত দিয়া মাংস আদি অসমীয়া পাকঘৰে পৰিবেশন কৰায় ।

লগতে পঢ়কঃ পঞ্চায়ত প্ৰতিনিধিলৈ ৬৬ কোটি ৮৪ লাখ ২৫ হাজাৰ টকা মুকলি বিত্ত বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.