জনজাতিকৰণক লৈ প্ৰতিক্ৰিয়া এতোৱা মুণ্ডাৰ

author img

By

Published : Sep 19, 2022, 2:16 PM IST

Congress leader Etwa Munda react on ST

অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে বৃহস্পতিবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছয় জনগোষ্ঠীৰ নেতৃত্বই। ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা এতোৱা মুণ্ডাই(Congress leader Atowa Munda react on ST)।

মৰাণ,১৯ছেপ্টেম্বৰ:কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ(Govt cheated six communities of Assam)সাব্যস্ত কৰিছে দল-সংগঠন সমূহে । অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে(Union Cabinet led PM Modi granted ST) ৰাজ্য দল-সংগঠন সমূহ ।

বৃহস্পতিবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছয় জনগোষ্ঠীৰ নেতৃত্বই । ৰাজ্যৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি । ইয়াৰ উপৰিও ২৬ছেপ্তেম্বৰত ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰিছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ।

ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা এতোৱা মুণ্ডাই(Congress leader Atowa Munda react on ST)। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ ফল ভোগ কৰিব লাগিব বুলি মন্তব্য কৰে প্ৰাক্তনমন্ত্ৰীগৰাকীয়ে ।

জনজাতিকৰণক লৈ প্ৰতিক্ৰিয়া এতোৱা মুণ্ডাৰ

অনহাতে,তেওঁ এইবাৰ শাৰদীয় দূৰ্গোৎসৱৰ সময়ত অসমৰ প্ৰায়বোৰ সৰু-বৰ চাহ বাগিচাই ২০ শতাংশ বোনাচ দিয়াৰ সিদ্ধান্ত (Congress leader Atowa Munda react on Bonus)লৈছে বুলি উল্লেখ কৰে । বাগিচা কৰ্তৃপক্ষ আৰু ট্ৰেড ইউনিয়নসমূহৰ আলোচনা মৰ্মে শান্তিপূৰ্ণ ভাৱে ২০ শতাংশ বোনাচ প্ৰদানৰ সিদ্ধান্তলৈ অহাত সন্তুষ্টি প্ৰকাশ কৰে কংগ্ৰেছ নেতা তথা টিংখাঙৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে । টিংখাঙৰ ৰাজগড়ত এক কৰম সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়ায় প্ৰাক্তন বনমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য় যে অসম চাহ মজদুৰ সংঘৰ মৰাণ আৰু নাহৰকটীয়া শাখা উদ্যোগত তথা বৃহত্তৰ টিংখাংবাসীৰ সহযোগত ৰাজগড় কৰমা ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৃহত্তৰ টিংখাং আঞ্চলিক কৰম সন্মিলন অনুষ্ঠিত হয়(Karam Puja in Rajgahr)। উক্ত অনুষ্ঠানটোৰ প্ৰথম দিনটোত কৰ্ম ডাল স্থাপন কৰি কৰম পূজা আৰম্ভ কৰাৰ লগতে দ্বিতীয় দিনা কৰম নৃত্য প্ৰতিযোগিতা,মুকলি সভা অনুষ্ঠিত হয় ।

লগতে পঢ়ক:মা কামাখ্যা মন্দিৰত বিশিষ্ট অভিনেতা অনুপম খেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.