দিহিং পাটকাইত নিশা ১ বজাত কি কৰিছে অসম আৰক্ষী আৰু বনকৰ্মীয়ে ?

author img

By

Published : Sep 25, 2021, 7:22 PM IST

Dehing Patkai National Park

বন ধ্বংসকাৰীৰ বিৰুদ্ধে সষ্টম নামৰূপ আৰক্ষী । বন বিভাগক লগত লৈ নিশা ১ বজা পৰ্যন্ত দিহিং পাটকাইত কি কৰিছে নামৰূপ আৰক্ষীয়ে ?

মৰাণ,২৫ ছেপ্টেম্বৰ : ৰাজ্যত একাংশ দুষ্টচক্ৰই বনাঞ্চল ধ্বংস অব্যাহত ৰাখিছে । আনকি ৰাজ্যৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাইও দুষ্টচক্ৰৰ কৱলৰ পৰা ৰক্ষা পৰা নাই । দিহিং পাইকাই ৰাষ্ট্ৰীয় উদ্যানত (Dehing Patkai National Park) চলি থকা বন ধ্বংসক লৈ ইতিমধ্যে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ বাবেও প্ৰকৃতিপ্ৰেমী তথা সংগঠনসমূহে দাবী জনাই আহিছিল । ইয়াৰ পাছতে সষ্টম হৈছে বন বিভাগ (Forest department) তথা অসম আৰক্ষী (Assam Police) । ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচ'ৰাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ উদ্দেশ্যে বন বিভাগক লগত লৈ অসম আৰক্ষীয়ে অভিযান চলোৱা দেখা গ'ল ।

দিহিং পাটকাইত নিশা ১ বজাত কি কৰিছে অসম আৰক্ষী আৰু বনকৰ্মীয়ে ?

শুকুৰবাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ দুৰ্গম পাহাৰীয়া অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত বনকৰ্মী আৰু আৰক্ষীৰ এটা দলে নিশালৈকে তহল দিয়া দেখা গ'ল । গভীৰ নিশা অৰণ্যৰ মাজত বনকৰ্মী আৰু আৰক্ষীয়ে হাতত মাৰণাস্ত্ৰ আৰু টৰ্চ লাইট লৈ অভিযান চলালে । নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত চলিল এই অভিযান । কিন্তু এই অভিযানৰ সময়ত কোনো ধৰণৰ বন ধ্বংসকাৰীৰ সম্ভেদ নাপালে আৰক্ষীয়ে ।

উল্লেখ্য যে কিছু দিন পূৰ্বে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অসম-অৰুণাচল সীমান্তৰ শুকানজুৰীৰ গভীৰ অৰণ্যত বনকৰ্মী আৰু অৰুণাচলী চোৰাং চিকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি সংঘটিত হৈছিল যাৰ ফলত চোৰাং চিকাৰীয়ে কুণ্ডা টানিবলৈ ব্যৱহাৰ কৰা এটা হাতীৰ মৃত্যু হৈছিল । তাৰ প্ৰতি লক্ষ্য ৰাখি চোৰাং চিকাৰীৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছিল আৰক্ষী আৰু বনকৰ্মীয়ে । উক্ত ঘটনাৰ পাছৰ পৰাই যাতে চোৰাং চিকাৰীয়ে পুনৰ তেনে বন ধ্বংস কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিয়মীয়াকৈ বনকৰ্মী আৰু অসম আৰক্ষীৰ যৌথভাৱে তহল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.