AASA protest in Dibrugarh: মইনা নায়কৰ ঘটনাৰ CBI তদন্ত বিচাৰি আছাৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Aug 2, 2022, 6:34 PM IST

Updated : Aug 2, 2022, 6:52 PM IST

AASA protest in Dibrugarh

আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ, চাহ শ্ৰমিকৰ মাটি পট্টা, আদিবাসী জাতীয় মঞ্চৰ জৰিয়তে অ’বিচি জাতিৰ প্ৰমাণ পত্র প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীৰে ডিব্ৰুগড়ত আছাৰ প্ৰতিবাদ (AASA protest in Dibrugarh)৷

ডিব্ৰুগড়, 02 আগষ্ট: ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ (AASA protest in Dibrugarh)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ডিব্ৰুগড়তো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আছাৰ । লেপেটকটা চাহ বাগিচাৰ চিটিচি মেচিনত আঘাতপ্ৰাপ্ত মইনা নায়কৰ ঘটনাৰ চিবিআই তদন্ত আৰু ক্ষতিপূৰণ প্ৰদানৰ দাবীত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধর্ণা প্ৰদৰ্শন আছাৰ (Moina Nayak tragedy in Dibrugarh) ।

একেটা কাৰ্যসূচীৰ জৰিয়তে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ, চাহ শ্ৰমিকৰ মাটি পট্টা, আদিবাসী জাতীয় মঞ্চৰ জৰিয়তে অ’বিচি জাতিৰ প্ৰমাণ পত্র প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা আদি দাবীসমূহ উত্থাপন কৰে । আনহাতে, আছাই জন্ম লগ্নৰে পৰা এই দাবীসমূহ জনাই অহাৰ পিছতো আজি পৰ্যন্ত চৰকাৰে কাৰ্যকৰী ব্যৱস্থা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

মইনা নায়কৰ ঘটনাৰ CBI তদন্ত বিচাৰি আছাৰ তীব্ৰ প্ৰতিবাদ

ইফালে কেন্দ্ৰীয় চৰকাৰে অসমৰ আদিবাসী সকলক জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত বিচৰা তথ্য অসম চৰকাৰে নিদিয়াক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে (ASSA demanding tribal status) ।

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ কাম ৯০ শতাংশ হৈছে বুলি তিনিচুকীয়া জিলাৰ বৰডুমছা আদিবাসী মহাসভাত ৰাজহুৱাভাৱে সদৰী কৰিছিল । কিন্তু আদিবাসী থকা ১০ শতাংশ কাম কেতিয়ালৈকে সম্পূর্ণ হ’ব বুলি প্ৰশ্ন কৰি এই ক্ষেত্ৰত চৰকাৰে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

আদিবাসী জনগোষ্ঠী স্বকীয় ভাষা-সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত আদিবাসী ওৰাং, মুণ্ডা, চাওতাল, খাড়িয়া, ওড়িয়া, গড়, প্ৰজা, চৱৰ, ভূমিজ, পাহাৰীয়া, গৰাইক, বৰাইক ইত্যাদিক আদিবাসী জাতীয় মঞ্চৰ জৰিয়তে অ.বি.চি. জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক : Moina Nayak tragedy: ডিব্ৰুগড়ৰ কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ত আট্ছাৰ প্ৰতিবাদ

Last Updated :Aug 2, 2022, 6:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.