ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো বিজেপিৰ বাবে ৰাজনৈতিক হাথিয়াৰ: লুৰীণজ্যোতি গগৈ

author img

By

Published : Sep 18, 2022, 9:43 PM IST

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

কেন্দ্ৰীয় চৰকাৰে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাটোৱে অসমৰ প্ৰতি কেন্দ্ৰৰ থকা দৃষ্টিভংগীকে দেখুৱাই দিলে ৷ এই মন্তব্য লুৰীণজ্যোতি গগৈৰ (AJP President Lurinjyoti Gogoi)৷

ডিব্ৰুগড়, 18 ছেপ্টেম্বৰ: কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে ৷ ইয়াৰ পাছতে অসমত অধিক তীব্ৰতৰ হ’ল ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত প্ৰতিবাদ ৷ কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু আহোমকে এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া যদিও বিষয়টোৱে গুৰুত্ব লাভ নকৰিলে চৰকাৰৰ ওচৰত (ST status to six communities of Assam)৷

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ । অসমৰ ছয় জনগোষ্ঠীয়ে বহু বছৰ ধৰি প্ৰতিবাদ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ নকৰাত আজি ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔফুলিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (AJP President Lurinjyoti Gogoi)।

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, ‘‘অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰা কথাটো বিজেপিৰ বাবে ৰাজনৈতিক হাথিয়াৰ । কেন্দ্ৰীয় চৰকাৰে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰা কথাটোৱে দিল্লীৰ অসমৰ প্ৰতি থকা দৃষ্টিভংগী আকৌ এবাৰ ৰাইজৰ আগত উদঙাই দিলে’’।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

লুৰীণজ্যোতি গগৈয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজক প্ৰতিশ্ৰুতিত দিয়া অনুসৰি অসম চুক্তিৰ ৬ নং দফা(Clause 6 of Assam accord) কাৰ্যকৰী কৰাৰো দাবী জনায় ৷

লগতে পঢ়ক: অসংখ্যজনে স্ব-ভূমিলৈ আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.