Rally by AGP in Dibrugarh : ডিব্ৰুগড়ত বিশাল ৰেলী উলিয়াই অগপই বজালে নিৰ্বাচনী ৰণশিঙা

author img

By

Published : May 29, 2023, 6:57 PM IST

Rally by AGP in Dibrugarh

সমাগত দেশৰ সাধাৰণ নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ডিব্ৰুগড়ৰ ৰাজপথত নিৰ্বাচনী ৰণশিঙা বজালে অগপই (Rally by AGP in Dibrugarh) ৷ সোমবাৰে ডিব্ৰুগড়ৰ ৰাজপথত বিশাল নিৰ্বাচনী ৰেলী বাহিৰ কৰি অগপই বজালে নিৰ্বাচনী ৰণশিঙা (AGP takes out rally for upcoming elections in Dibrugarh) ৷

ডিব্ৰুগড়ত অগপই বজালে নিৰ্বাচনী ৰণশিঙা

ডিব্ৰুগড়, 29 মে’ : সমাগত লোকসভা নিবাৰ্চন (Upcoming elections) । শাসক দলৰ সমান্তৰালভাৱে মিত্ৰদল অগপয়ো আৰম্ভ কৰিছে নিবাচনী কুছকাৱাজ । কিয়নো এইবাৰ 24 ৰ লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে অগপৰ সৈতে মিত্ৰতা কৰিব নে নাই সেই কথা চূড়ান্ত হৈ উঠা নাই । শাসক দল বিজেপিয়ে এই লোকসভাত ৰাজ্যৰ 12 খন আসনেই লাভ কৰিম বুলি দাবী কৰি থকা সময়তে আজি অৰ্থাৎ সোমবাৰে বিজেপিৰ দূৰ্গত মিত্ৰদল অগপই বজালে নিৰ্বাচনী ৰণশিঙা (AGP takes out rally for upcoming elections in Dibrugarh)।

সোমবাৰে ডিব্ৰুগড়ৰ চৌকিডিংগীত অগপৰ জিলা কাৰ্যালয়ৰ পৰা বিশাল নিৰ্বাচনী ৰেলী বাহিৰ কৰা হয় (Rally by AGP in Dibrugarh) । ডিব্ৰুগড় লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা কৰ্মী সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় অগপৰ এই নিৰ্বাচনী ৰেলী । এই ৰেলীৰ পাচতেই ডিব্ৰুগড় জিলা পুথিভঁড়ালত অনুষ্ঠিত কৰা হয় অগপৰ কৰ্মী সন্মিলন ।

লগতে পঢ়ক : Assam Govt employees : বিগত বহু বছৰে চাকৰি নিয়মীয়াকৰণৰ আশাত পণবন্দী একাংশ কৰ্মচাৰী

সোমবাৰে আয়োজিত এই নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক পোনাকন বৰুৱাকে ধৰি বহু জ্যেষ্ঠ অগপ বিধায়ক তথা নেতাসকলে । এই ৰেলীত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্যও কৰে ৷

‘‘সমাগত লোকসভা নিবাৰ্চনক লৈ লোৱা হৈছে এই কাৰ্যসূচী । দল শক্তিশালী কৰা বাবে লোৱা হৈছে বিভিন্ন কাৰ্যসূচী । আজি এই ৰেলীত তৃণমূলৰ কৰ্মীসকলে অংশগ্ৰহণ কৰি দলটোক অধিক শক্তিশালী হ'বলৈ উৎসাহিত কৰিছে ৷ ’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক : Vande Bharat Express : গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.