৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ বৈশিষ্ট্য নাই : আক্ৰাছু

author img

By

Published : Sep 29, 2022, 7:02 PM IST

5 Tribes do not have the characteristics of tribalization: Akrasu

এইবাৰ জনজাতিকৰণৰ দাবীক লৈ গঠন হোৱা ছয় জনগোষ্ঠীয় ঐক্য মঞ্চত বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিলে সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (Akrasu officially declared )৷

মৰাণ, 29 ছেপ্টেম্বৰ: "ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ পৰা আমি এই কাৰণেই ওলাব বিচাৰিছো, কাৰণ আমি তাতা বহুতো বিসংগতি পৰিলক্ষিত কৰিছো ৷ আমি চৰকাৰৰ ফালৰ পৰাও শুনিছো যে ছয় জনগোষ্ঠীৰ ভিতৰত কেইটামান জনগোষ্ঠীৰ বৈশিষ্ট নাই ৷ তেনেস্থলত আমি ছয় জনগোষ্ঠীৰ সৈতে সাঙোৰ খাই থকাতো কোনো কাৰণতে যুক্তিসংগত নহয়’’ ৷ এই মন্তব্য আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি ক্ষীতিশ বৰ্মনৰ ৷

ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ (six tribal unity forums )পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি ক্ষীতিশ বৰ্মনে কয়, ‘‘আমি 1996 চনতেই জনজাতিকৰণৰ স্বীকৃতি লাভ কৰিছিলো, জনগোষ্ঠীকৰণৰ সকলো বৈশিষ্টই আমাৰ আছে ৷ এই ঐক্য মঞ্চত সোমাই থকাটোৱেই এটা দুৰ্ভাগ্যজনক কথা ৷ গতিকে আমি অসম চৰকাৰকে ধৰি কেন্দ্ৰীয় চৰকাৰক আবেদন জনাইছো যাতে আমাৰ সমস্যাটো সুকীয়াকৈ সমাধান কৰিব লাগে’’ (Akrasu central president Kshitish Barman) ৷

ৰাজ্যজুৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল হৈ আছে পৰিস্থিতি ৷ শীঘ্ৰে ভংগ হ'ব ৰাজ্যৰ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ ৷ এইবাৰ জনজাতিকৰণৰ দাবীক লৈ গঠন হোৱা ছয় জনগোষ্ঠীয় ঐক্য মঞ্চত বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিলে সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (Akrasu officially declared )৷

৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ বৈশিষ্ট্য নাই : আক্ৰাছু

ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰে হোৱা আলোচনাত কোঁচ ৰাজবংশী জনগোষ্ঠীয় ছাত্ৰ সন্থাক আঁতৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৃথকে আলোচনাৰ অন্তত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিলে সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (Koch Rajbanshi demands ST status)৷

ডিব্ৰুগড় পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হোৱা এক বৈঠকত আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি ক্ষীতিশ বৰ্মনে সংবাদ মাধ্যমৰ আগত ভৱিষ্যতে আন পাঁচ জনগোষ্ঠীৰ কোনো কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

ৰাজ্যৰ ৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ বৈশিষ্ট্য নাই বুলি অভিযোগ তুলি কয়, ঐক্য মঞ্চৰ সৈতে একত্ৰিত হৈ আন্দোলন কৰিলে জনজাতিকৰণৰ পৰা বঞ্চিত হ'ব কোঁচ ৰাজবংশীসকল ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও কোঁচ ৰাজবংশীক জনজাতিকৰণত গ্ৰীণ ছিগনেল দিয়া বুলি প্ৰকাশ কৰিছে ৷

আনহাতে, কোঁচ ৰাজবংশীক জনজাতিকৰণ নিদিলে আক্ৰাছুৱে নৱেম্বৰ মাহৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ দিছে ৷ তদুপৰি আগন্তুক নিৰ্বাচন সমূহতো বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিবলৈ জিলাই জিলাই সজাগতামূলক সভাৰ আয়োজনৰ কথা সদৰি কৰিছে এই বৈঠকত ৷

লগতে পঢ়ক: জনগোষ্ঠীয় ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.