আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তনৰ দাবীত AJYCP ৰ চাইকেল ৰেলী

author img

By

Published : Sep 21, 2021, 8:42 PM IST

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত AJYCPৰ বাইচাইকেল ৰেলী

আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি আৰম্ভ কৰিছে চাইকেল ৰেলী ৷

মৰাণ, 21 ছেপ্তেম্বৰ : আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দুই সদস্যই ৰাজ্যজুৰি আৰম্ভ কৰিছে চাইকেল ৰেলী । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুই যুৱকে সমগ্ৰ ৰাজ্যত ২০০০ কিঃমিটাৰ চাইকেল ৰেলী কৰি আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰৰ্ৱতনৰ দাবী জনাই ৰাইজৰ মাজত জনচেতনা সৃষ্টি কৰিছে ।

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত AJYCPৰ বাইচাইকেল ৰেলী

উল্লেখযোগ্য যে, নলবাৰী জিলাৰ পৰা উলিওৱা এই বৃহৎ চাইকেল ৰেলী ধেমাজি জিলা হৈ বগীবিল দলঙেৰে ডিব্ৰুগড় আহি পোৱাৰ লগে লগে ডিব্ৰুগড় জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে আদৰণি জনায় । ডিব্ৰুগড় বগীবিল দলঙৰ পৰা যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মী দুজনক ফুলাম গামোচাৰে আদৰণি জনায় ৷

অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ভবেন সোণোৱাল, উপ-সভাপতি উদয়ন বৰুৱা আৰু সাধাৰণ সম্পাদক প্ৰিয়ব্ৰত গোহাঁয়ে আদৰণি জনাই কয় যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সুদীৰ্ঘ ৪০ বছৰ ধৰি অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰদানৰ বাবে দাবী জনাই আহিছে ।

এই দাবীক ন্যায্যপ্ৰাপ্তিৰ দাবী হিচাপে বৰ্তমান জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্য সুদূৰ নলবাৰী জিলা সমিতিৰ পৰা দুজন পৰিষদৰ সদস্যই ২০০০ কিলোমিটাৰ চাইকেল চলাই ডিব্ৰুগড়ত উপস্থিত হয় ।

আনহাতে যুৱ-ছাত্ৰ পৰিষদৰ এই অবিৰত সংগ্ৰামৰ যাত্ৰাত অসমৰ জাতীয় স্বাৰ্থত সকলো জনসাধাৰণক অংশীদাৰ হ'বলৈ আহ্বান জনাইছে পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ভৱেন সোণোৱাল আৰু সাধাৰণ সম্পাদক প্ৰিয়ব্ৰত গোহাঁয়ে ।

লগতে পঢ়ক : নদী সংযোগেৰে উত্তৰ-পূৱৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন হ’ব বাংলাদেশৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.