ধুবুৰী ৰাজহ চক্ৰৰ লাট মণ্ডলক অপদস্থ কৰাৰ অভিযোগত আটক মহিলা

author img

By

Published : Sep 30, 2021, 5:22 PM IST

Woman arrested for humiliated Lat Mandal

এগৰাকী লাট মণ্ডলক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে এগৰাকী মহিলাক আটক কৰিছে ৷ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সংঘটিত হৈছে এই ঘটনা ৷

ধুবুৰী, 30 ছেপ্টেম্বৰ : ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডলক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে এগৰাকী মহিলাক আটক কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী চহৰৰ দহ নম্বৰ ৱাৰ্ডৰ এডোখৰ মাটি বেদখলক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল বিবাদ ৷

ইয়াৰে জাহানাৰা খাতুন নামৰ এগৰাকী মহিলাই মাটি ভাগ বাটোৱাৰাৰ বাবে আবেদন দাখিল কৰিছিল চক্ৰ বিষয়াৰ কাৰ্যালয়ত । কিন্তু লাট মণ্ডলে মাটি খিনি ভগা বাটোৱাৰা নকৰাৰ ফলত ক্ষোভিত হৈ পৰে ভুক্তভোগী মহিলা গৰাকী ৷ ইফালে, লাট মণ্ডলক দহ হাজাৰ টকা দিয়াৰ পিছতো কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে ।

লগতে পঢ়ক: কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

উপায়হীন হৈ ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি কৰ্তব্যৰত অৱস্থাত থকা লাট মণ্ডলক অকথ্য ভাষাৰে গালি-গালাজ কৰাৰ উপৰিও শাৰীৰিক ভাৱেও অপদস্থ কৰি এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে মহিলা গৰাকীয়ে । পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে, আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি ।

এই ঘটনাৰ পিছতেই লাট মণ্ডল নোমেজ উদ্দিন আহমেদে ধুবুৰী সদৰ আৰক্ষী থানাত মহিলা গৰাকী সহ মুঠ চাৰিজনৰ বিৰুদ্ধেএখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে মহিলা গৰাকীক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে । তদুপৰি উক্ত ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ধুবুৰী চহৰত ৷

লগতে পঢ়ক: কৰিমগঞ্জত চিনেমা কায়দাৰে আটক মাটিৰ দালালৰ এক্সক্লুছিভ লাইভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.