7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 28, 2022, 7:13 PM IST

TOP 10 AT 7 PM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ

উৎসৱৰ বতৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী-পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ (Central Govt employees)। কৰ্মচাৰীৰ মৰগীয়া বানচ (DA) ৪ শতাংশ বৃদ্ধি ।

চাইবাৰ প্ৰৱঞ্চকৰ পৰা বাচি থকিবলৈ অচিনাকি ফোন কল পৰিহাৰ কৰক : দেৱজিৎ দেউৰী

ৰাজ্যত সঘনাই বৃদ্ধি পাইছে অনলাইন ফ্ৰডৰ দৰে ঘটনা (Online fraud cases in Assam) ৷ এই সন্দৰ্ভত বুধবাৰে পুনৰ সংবাদমেল আয়োজন কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে ।

আজমলৰ সংগ এৰি মমতাৰ দলত ময়ূৰ মজুমদাৰ

অৱশেষত আজমলৰ সংগ এৰিলে কোচ ৰাজবংশী নেতা ময়ূৰ মজুমদাৰে(AIUDF leader Mayur Majumdar joins TMC) । এ আই ইউ ডি এফ এৰি তৃণমূল কংগ্ৰেছত যোগদান ময়ূৰ মজুমদাৰৰ । প্ৰায় চাৰি শতাধিক সমৰ্থকসহ ৰিপুন বৰাৰ উপস্থিতিত তৃণমূলত যোগদান ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ (Congress protest in Jorhat against price hike ) । যোৰহাটৰ বিজুলী ভৱনৰ সন্মুখত কংগ্ৰেছে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

পুনৰ ঘোচ লৈ হাত দাঙিলে আন দুগৰাকী চৰকাৰী বিষয়াই

ক্ৰমাৎ দীঘলীয়া হৈছে ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তালিকা ৷ বুধবাৰে পুনৰ আন দুই চৰকাৰী বিষয়া-কৰ্মচাৰীক হাত দঙাই ফটো উঠালে দুৰ্নীতি নিবাৰক শাখাই (Directorate of Vigilance and Anti-Corruption)৷

তুংগত উঠিছে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত

অসম বিজেপিত ভিতৰি ভিতৰি অব্যাহত আছে লবীকেন্দ্ৰিক ৰাজনীতি ৷ ক্ৰমাৎ তুংগত উঠিছে শাসকীয় দলটোৰ মন্ত্ৰী-বিধায়কৰ মাজত সংঘাত । ৰাজ্যিক সভাপতিক আঁতৰোৱাৰ বাবেও সক্ৰিয় হৈ পৰিছে এটা শিবিৰ ।

Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই

ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি মাৰাথন অভিযান চলাৰ পাছত অৱশেষত মঙলবাৰ অৰ্থাৎ 27 ছেপ্টেম্বৰৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংগঠনটোক নিষিদ্ধ ঘোষিত কৰে ৷ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI)ৰ লগতে ইয়াৰ সহযোগী আন আঠটা সংগঠনকো ৫ বছৰৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছে (Centre bans PFI for 5 years)।

ত্ৰিপুৰাত চাহ নিলাম কেন্দ্ৰ স্থাপনৰ সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা-চক্ৰ

ত্ৰিপুৰাত যদি চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয় তেন্তে ৰাজ্যখনৰ চাহ উৎপাদকসকল লাভান্বিত হ'ব আৰু লগতে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি শক্তিশালী হ'ব বুলি বিবেচনা কৰা হৈছে (possibilities of Tea Auction Centre in Tripura) ।

প্ৰথমবাৰলৈ CMF ৰ অনুশীলনত ভাৰতীয় নৌসেনাৰ জাহাজ INS Sunayna

ছেচেলইছত অনুষ্ঠিত সংযুক্ত সামুদ্ৰিক বাহিনীৰ অনুশীলনত প্ৰথমবাৰলৈ ভাৰতীয় নৌসেনাৰ জাহাজ (INS) সুনন্যাই অংশগ্ৰহণ কৰে (Indian Naval Ship in CMF)। ভাৰতীয় নৌসেনাক ভাইচ এডমিৰেল ব্ৰেড কুপাৰ US NAVCENTয়ে CMFলৈ আদৰণি জনায় ।

Richa Chadha Ali Fazal Wedding খাদ্যৰ তালিকাৰ পৰা বিয়াৰ সাজলৈকে ৰিছা আলীৰ বিয়াৰ সকলো খবৰ ইয়াতে

তুংগত উঠিছে ৰিছা চড্ডা আৰু আলী ফজলৰ বিয়াৰ প্ৰস্তুতি । যিহেতু বিবাহৰ পূৰ্বৰ সকলো অনুষ্ঠান দিল্লীত অনুষ্ঠিত হ’ব, সেয়েহে তাৰকাদ্বয়ে অতিথিসকলক দিল্লীৱালা ট্ৰিটমেণ্ট দিয়াৰ সিদ্ধান্ত লৈছে (Richa Chadha Ali Fazal wedding) । বুধবাৰে পুৱাই দিল্লী অভিমুখে ৰাওনা হয় ৰিছা আৰু আলী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.