5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 22, 2022, 5:00 PM IST

top-10-at-5pm

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Raids against PFI: অসমত গ্ৰেপ্তাৰ দহগৰাকী PFI নেতা

দেশজুৰি PFI ৰ বিৰুদ্ধে অভিযান NIA আৰু ED ৰ ৷ NIA ৰ প্ৰায় 200 গৰাকী বিষয়াই দেশজুৰি চলাইছে PFI ৰ বিৰুদ্ধে এই অভিযান (NIA raids against PFI in India) ৷ দেশৰ কেইবাখনো ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে শতাধিক PFIৰ নেতা-সদস্যক (PFI leaders arrested by NIA) ৷

শিক্ষাক ৰাজনীতিকৰণ কৰিব নালাগে: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে

বৃহস্পতিবাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম পৰ্যটন নিগম আৰু প্ৰজন্ন প্ৰভাৰ উদ্যোগত অনুষ্ঠিত হোৱা লোকমন্থন উৎসৱটি উদ্বোধন কৰে (VP Jagdeep Dhankhar inaugurates Lokmanthan 2022) । অনুষ্ঠানত তেখেতে ভাৰতবৰ্ষৰ পুৰণি বৰ্ণময় সভ্যতা আৰু ধৰ্মীয় ইতিহাসৰ বিষয়ে চমু আলোকপাত কৰে ।

খুমটাইত সোপাধৰাৰ সন্দেহত ৰাইজৰ ৰোষত পৰিল আন এজন যুৱক

ৰাজ্যত অব্যাহত আছে সোপাধৰাৰ আতংক (Fear of kidnapping) । এইবাৰৰ স্থান খুমটাই পতিয়াপথাৰ । সোপাধৰাৰ সন্দেহত ৰাইজৰ ৰোষত এজন যুৱক । গদাপাণি খেলপথাৰৰ সন্মুখৰ পদুমণি মজদুৰ প্ৰাথমিক বিদ্যালয়ত সোপাধৰাৰ সন্দেহত ৰাইজে আটক কৰিলে এজন যুৱকক (Youth beaten up by people on suspicion of kidnapper) ।

DU PG PHD Admission: দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ তাৰিখ ঘোষণা

নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে স্নাতকোত্তৰ আৰু পিএইচডি কাৰ্যসূচীত নামভৰ্তিৰ বাবে দিল্লী বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২২ ৰ সময়সূচী প্ৰকাশ কৰিছে (DU PG PHD entrance exam 2022)। প্ৰৱেশ পৰীক্ষা ১৭ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ চলিব । স্নাতকোত্তৰ পাঠ্যক্ৰমত মুঠ আসনৰ ৫০ শতাংশ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত থাকিব ।

নগাঁৱত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদ

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত নগাঁৱত ৪ টাকৈ বিৰোধী দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Opposition party protest in Nagaon)। অভিযোগ অনুসৰি ৰাইজৰ সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ । নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবী ।

দিছপুৰত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ উত্তাল প্ৰতিবাদ

জনজাতিকৰণৰ দাবীত প্ৰতিবাদ । ছয় জনগোষ্ঠীয় ঐক্যমঞ্চক দিছপুৰ ঘেৰাও কাৰ্যসূচীত বাধা আৰক্ষীৰ । আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ । দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ বাবে অহা বহু প্ৰতিবাদকাৰীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ কৰি ৰাখে আৰক্ষীয়ে । ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিবাদত আজি উত্তপ্ত হৈ পৰে দিছপুৰ ।

এইবাৰ বিতৰ্কৰ মাজত বটদ্ৰৱা থান !

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ৫ সদস্যক বহিষ্কাৰ (batadrava than committee members expelled)। বিত্তীয় কেলংকাৰী আৰু সত্ৰাধিকাৰক অভব্য আচৰণ কৰাৰ অভিযোগ বহিষ্কৃত সদস্যৰ বিৰুদ্ধে । ঘটনাক লৈ উদ্বিগ্ন ভক্তপ্ৰাণ ৰাইজ ।

"উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে"-কিৰেণ ৰিজিজু

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে (Kiren Rijiju visited Kaziranga )৷ কাজিৰঙাৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী কাক গোঁসানী থানত ভগৱানৰ আশীষ লৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৰে এই মন্তব্য (Cabinet Minister Kiren Rijiju in Assam)৷

নলবাৰীত পথ দুৰ্ঘটনা, টেংকাৰৰ পৰা অহৰহ নিৰ্গত গেছ

নলবাৰীৰ ঘগ্ৰাপাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথ কাটুৰীয়াৰ ত্ৰিনয়ন এন্টাৰপ্ৰাইজৰ সন্মুখত ৰৈ থকা এখন গেছ ভৰ্তি টেংকাৰত ট্ৰাক এখনে খুন্দিয়াই দিয়াৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো (Road accident in Nalbari NH 31)৷ দুৰ্ঘটনাৰ পিছতেই গাড়ীখনৰ পৰা অহৰহ নিৰ্গত হয় গেছ (Gas tanker accident in Nalbari) ৷

কৰিমগঞ্জ চহৰৰ শিক্ষানুষ্ঠানত দিন দুপৰতে চোৰৰ চাফাই

কৰিমগঞ্জ চহৰৰ শিক্ষানুষ্ঠানত চুৰিকান্ড ৷ কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ বেগৰ পৰা নগদ ধন আৰু নানা ধৰণৰ নথি-পত্ৰ লৈ উধাও হয় চোৰ । চুৰিকান্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে শিক্ষানুষ্ঠানখনত থকা চিচি টিভি (CCTV camera) কেমেৰাত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.