Theft in Dhubri: চোৰে লুটিলে দোকানৰ সামগ্ৰীসহ কেছবক্সৰ ধন

author img

By

Published : Jul 18, 2022, 10:29 AM IST

theft in dhubri town

দিনকদিনে ৰাজ্যত বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা(Theft cases increase in Assam) । বিশেষকৈ চোৰে যেন এইবাৰ টাৰ্গেত কৰি লৈছে নগৰ-চহৰসমূহ । ধুবুৰী চহৰতো বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । এইবাৰ ধুবুৰী চহৰৰ মাজমজিয়াৰ এখন দোকানত চোৰে চলালে চাফাই অভিযান (Thief looted a shop in Dhubri city) ।

ধুবুৰী,১৮ জুলাই: চোৰৰ উপদ্ৰৱে টোপনি হৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ (Theft cases increase in Assam) । বিশেষকৈ নগৰ-চহৰসমূহত অধিকমাত্ৰাত সংঘটিত হৈছে চুৰিকাণ্ড । এইবাৰ ধুবুৰী চহৰৰ মাজমজিয়াত চোৰৰ চাফাই অভিযান (Thief looted a shop in Dhubri city) । হিন্দুস্থান ছেনিটাৰী নামৰ দোকানখনত চোৰে চলালে চাফাই অভিযান ।

দোকান খনৰ টিং পাত কাটি নিশা চোৰে লুটি নিলে বিভিন্ন সা-সামগ্ৰীসহ নগদ ধন । দোকানখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে প্ৰায় ২০ হাজাৰ টকাৰ সামগ্ৰীৰ লগতে দোকানৰ কেচ বক্সৰ পৰা লুটি নিয়ে নগদ ১০ হাজাৰ টকা । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । লক্ষণীয় বিষয় যে ধুবুৰী সদৰ আৰক্ষী থানাৰ কিছু নিলগতেই এই চুৰিকাণ্ড সংঘটিত হৈছে । ইয়াকে লৈ সমগ্ৰ অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ।

ধুবুৰী চহৰৰ মাজ মজিয়াত চুৰিকাণ্ড

উল্লেখ্য যে, কেৱল ধুবুৰীয়েই নহয় বিগত কিছু দিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা । সাধাৰণ ৰাইজৰ কথাটো বাদেই মাত্ৰ কিছুদিন পূৰ্বে নগাঁৱত এগৰাকী আৰক্ষী কনিষ্টবলৰ বাসগৃহৰ পৰা চোৰে লুটি নিছিল সোণৰ গহনাসহ AK47 ৰ গুলী । কেৱল নগাঁৱেই নহয় গুৱাহাটী, বৰপেটাকে আদি কৰি ৰাজ্য বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । এইক্ষেত্ৰত অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰাহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Sexual assault case : গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.