বিলাসীপাৰাৰ নয়াহাটত ৰহস্যজনক হত্যাকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Sep 18, 2022, 2:26 PM IST

Bilasipara

মহামায়া স্নানঘাটৰ কাষৰ টিপকাই নদীত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হয় আইন আলী শ্বেখৰ মৃতদেহ (dead body rescued at mahamaya ghat Dhubri) । মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই বিলাসীপাৰাৰ নয়াহাটত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ । ইফালে আইন আলী শ্বেখৰ মৃতদেহ সন্মুখত লৈ প্ৰতিবাদত নামে শ শ ৰাইজ (allegation against police at Bilasipara) ।

বিলাসীপাৰা, ১৮ ছেপ্টেম্বৰ : বিলাসীপাৰাৰ নয়াহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এটি ৰহস্যজনক হত্যাকাণ্ডক লৈ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিলাসীপাৰাৰ নয়াহাটত (suspected murder case at Bilasipara) । দুদিন পূৰ্বে সন্ধাহীন হোৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰৰ পিছতে নয়াহাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ্য যে দুদিন পূৰ্বে হঠাৎ সন্ধানহীন হৈ পৰিছিল নয়াহাটৰ ছোটগিৰাইপাৰ গাঁৱৰ আইন আলী শ্বেখ (৫০) নামৰ ব্যক্তিজন (missing person allegedly murdered at Bilasipara) ।

আনহাতে, আইন আলী শ্বেখ নিৰুদ্দেশ হোৱাৰ পিছত পৰিয়ালৰ লোকে নয়াহাট উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ গৈছিল । গুৰুত্বপূৰ্ণ কথাটো হৈছে, পৰিয়ালৰ লোকে দাবী কৰা মতে এজাহাৰ দিব গৈ তেওঁলোকে আৰক্ষী চকীত দেখা পাইছিল আইন আলী শ্বেখ (৫০) ৰ মোবাইল ফোনটো । অভিযোগ অনুসৰি, নয়াহাট আৰক্ষীয়ে আইন আলী শ্বেখৰ নিৰুদ্দেশৰ ঘটনাৰ এজাহাৰ গ্ৰহণ নকৰি ওলোটাই এজাহাৰ দিব যোৱা ব্যক্তিক ধমক দিয়ে আৰু তৰ্ক যুদ্ধত লিপ্ত হয় ।

বিলাসীপাৰাৰ নয়াহাটত ৰহস্যজনক হত্যাকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি

তাৰে এদিন পিছত মহামায়া স্নানঘাটৰ কাষৰ টিপকাই নদীত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হয় আইন আলী শ্বেখৰ মৃতদেহ (dead body rescued at mahamaya ghat Dhubri) । মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই বিলাসীপাৰাৰ নয়াহাটত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ । ইফালে আইন আলী শ্বেখৰ মৃতদেহ সন্মুখত লৈ প্ৰতিবাদত নামে শ শ ৰাইজ (allegation against police at Bilasipara) ।

পুলিচীৰাজ নচলিব, ঘটনাৰ উচিত তদন্ত হ'বই লাগিব, দোষীক শাস্তি দিবই লাগিব আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য, আইন আলী শ্বেখক পৰিকল্পিতভাৱে হত্যাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে । আনহাতে, উক্ত ৰহস্যজনক হত্যাকাণ্ডৰ লগত আৰক্ষী জড়িত থকাৰ গুৰুতৰ অভিযোগ তুলিছে আইন আলী শ্বেখৰ পৰিয়াল তথা আত্মাীয়ই । অৱশেষত ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ । দণ্ডাধীশে সমগ্ৰ ঘটনাৰ বুজ লৈ নয়াহাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যৰ ওপৰত তদন্তৰ আশ্বাস প্ৰদান কৰাৰ পিছতহে পৰিস্থিতি শান্ত হয় ।

লগতে পঢ়ক :হাউলীৰ খন্দকাৰপাৰাত জুৱাৰ ঘাটি উৎখাত: ৬ জুৱাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.