Sukur Ali Case : ধন আত্মসাতৰ অভিযোগত ৰাইজৰ হাতত আটক শুকুৰ আলী

author img

By

Published : Nov 28, 2022, 9:00 PM IST

Sukur Ali

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ শুকুৰ আলীক আটক কৰিলে ৰাইজে (Sukur Ali detained by villagers)। ক্ষুব্ধ গাঁওবাসীয়ে আটক কৰি গতালে আৰক্ষীক ।

ধুবুৰী, ২৮ নৱেম্বৰ : ৰাইজৰ ধন আত্মসাৎ কৰি গাঁওবাসীৰ ৰোষত পৰিছে মদাতি VCDC-ৰ চেয়াৰমেন শুকুৰ আলী (Sukur Ali detained by villagers) । যাৰ ফলত ৰাইজৰ হাতত আটক হ'বলগা হয় শুকুৰ আলী ৷ বি টি আৰৰ দেৱীতোলা উন্নায়ন খণ্ডৰ মদাতি VCDC-ৰ চেয়াৰমেন শুকুৰ আলীক ৰাইজে আটক কৰে ৷

শুকুৰ আলীয়ে বিভিন্নজনক বিভিন্ন চৰকাৰী আঁচনিৰ কাম দিয়াৰ নামত লৈছিল ধন (VCDC chairman Sukur Ali corruption) । দৰিদ্ৰ লোকৰ চৰকাৰী আৱাস গৃহৰ ধন আত্মসাৎ কৰাৰ পৰিপ্ৰেক্ষিতত আজি আটক হ'বলগা হয় শুকুৰ আলী (Viral Sukur Ali) ৷ এক কথাত ক'বলৈ হ'লে শুকুৰ আলীৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে গ্ৰহণ কৰে কঠোৰ সিদ্ধান্ত ৷ পিছত কাজিগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শুকুৰ আলীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় (Sukur Ali arrested) । ইপিনে শুকুৰ আলীৰ মাতৃয়ে হিয়াভৰা কান্দোনেৰে কয়, শুকুৰ আলীয়ে কোনো দুৰ্নীতি কৰা নাই ।

২০১৯-ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক পথাৰত ভুমুকি মাৰিছিল ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ মদাতি অঞ্চলৰ যুৱক শুকুৰ আলী । প্ৰথমে নিৰ্দলীয় হিচাপে ২০১৯-ৰ লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কৰিছিল প্ৰতিদ্বন্দ্বিতা (BJP star campaigner Sukur Ali) ।

ধন আত্মসাতৰ অভিযোগত ৰাইজৰ হাতত আটক শুকুৰ আলী

পৰৱৰ্তী সময়ত শুকুৰ আলীয়ে যোগদান কৰে বিজেপি দলত । তাৰ পিছতেই বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে চলাইছিল বিধানসভা নিৰ্বাচন আৰু বি টি আৰ নিৰ্বাচনত প্ৰচাৰ । ৰাজনৈতিক মহলৰ চাৰিওফালে ভাইৰেল হৈ পৰে শুকুৰ আলী । ৰাজনৈতিক প্ৰেক্ষাপটৰ উপৰি চুটি চিনেমা আৰু এলবাম আদিৰ জৰিয়তে সামাজিক মাধ্যমত বাৰুকৈয়ে চৰ্চা লাভ কৰে শুকুৰ আলীয়ে (Sukur Ali funny video) ।

তাৰ পিছত শুকুৰ আলীয়ে বি টি আৰৰ পৰ্বতঝোৰা দেৱীতোলা উন্নায়ন খণ্ডৰ মদাতি VCDC-ৰ চেয়াৰমেন হিচাপে বিজেপি দলৰ ফালৰ পৰা নিযুক্তি লাভ কৰে । কিন্তু VCDC-ৰ অধ্যক্ষ শুকুৰ আলীক সোমবাৰে স্থানীয় একাংশ ক্ষুব্ধ ৰাইজে আটক কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ অভিযোগ অনুসৰি, শুকুৰ আলীয়ে বিভিন্নজনক বিভিন্ন চৰকাৰী আঁচনি প্ৰদানৰ প্ৰলোভন দিয়াৰ লগতে বিভিন্ন আঁচনিৰ কাম দিয়াৰ নামত সংগ্ৰহ কৰিছিল লাখ লাখ টকা । তাৰোপৰি বহু দৰিদ্ৰ লোকৰ চৰকাৰী আৱাস গৃহৰ ধন আত্মসাৎ কৰাৰ পৰিপ্ৰেক্ষিতত আজি আটক হয় শুকুৰ আলী ৷

লগতে পঢ়ক : Ragging in DU : PNGB ৰ ১৮ জন ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.