মৃতদেহ লৈ ধুবুৰীত ৰাজপথ অবৰোধ প্ৰতিবাদকাৰীৰ

author img

By

Published : Sep 25, 2022, 10:26 PM IST

Protest against Chilarai Multispeciality Hospital in Dhubri

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ধুবুৰীত উত্তপ্ত পৰিস্থিতি (Protest in Dhubri) ৷ চিলাৰায় মাল্টি স্পেচিয়েলিটি হাস্পতালৰ বিৰুদ্ধে মৃতদেহ লৈ ৰাজপথ অবৰোধ কৰে ক্ষুব্ধ জনতাই ৷ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চালনা কৰে আৰক্ষীয়ে ৷

ধুবুৰী, 25 ছেপ্টেম্বৰ : শনিবাৰে হঠাৎ ধুবুৰীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Protest in Dhubri) ৷ এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিৱেশৰ ৷ অভিযোগ অনুসৰি, চিলাৰায় মাল্টি স্পেচিয়েলিটি হাস্পতাল নামৰ ধুবুৰীৰ এখন ব্যক্তিগত হাস্পতালৰ চিকিৎসালয় গাফিলতিৰ বাবেই মৃত্যু হয় বিনোধ বীণ নামৰ যুৱকজনৰ ৷

যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি যুৱকজনৰ আত্মীয়ই সৃষ্টি কৰে এক হুলস্থূলীয়া পৰিৱেশৰ (Protest against Chilarai Multispeciality Hospital in Dhubri) ৷ আনকি চিকিৎসালয়খনৰ বিৰুদ্ধে চিকিৎসালয়খনৰ সন্মুখৰ ৰাজপথত মৃতদেহ লৈ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইপিনে পৰিস্থিতি বিষম দেখি আৰক্ষীয়ে কৰে লাঠী চালনা কৰিবলৈ বাধ্য হয় প্ৰতিবাদকাৰীৰ ওপৰত ।

জানিব পৰা মতে, ধুবুৰী চহৰৰ 16 নম্বৰ ৱাৰ্ডৰ বিনোধ বীণ নামৰ যুৱকে নিজ গৃহতেই কাম কৰি থকা অৱস্থাত হঠাৎ বিদ্যুৎস্পৃষ্ট হয় । ফলত গুৰুতৰভাৱে আহত যুৱক জন ৷ তাৰ পাচতে যুৱকজনৰ পৰিয়ালৰ লোকে চিলাৰায় মাল্টি স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰায় ৷

লগতে পঢ়ক : Murder in Nagaon: অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা কৰিলে মহিলাক

কিন্তু চিকিৎসকে ভালদৰে চিকিৎসা নকৰাৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ পৰৱৰ্তী সময়ত প্ৰায় দুঘণ্টা মৃতদেহ লৈ ৰাজপথ অবৰোধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ জনতাই । ঘটনাস্থলীত অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়াকে ধৰি দণ্ডাধীশ পৰ্যায়ৰ বিষয়া আৰু আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্তৰ আশ্বাস দিয়ে উত্তেজিত ৰাইজক ৷

কিন্তু ক্ষুব্ধ ৰাইজে প্ৰশাসনৰ আশ্বাসত মান্তি নহৈ হাস্পতালখনলৈ শিলগুটি নিক্ষেপ কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে । ইফালে আৰক্ষীৰ লাঠী চাৰ্জত কেবাজনো প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ ইপিনে চিলাৰায় হাস্পতাল কৰ্তৃপক্ষই নসাৎ কৰিছে ৰাইজৰ অভিযোগ ৷ হাস্পতালখনৰ মুৰব্বী ডাঃ ডি জে নাথে এই ক্ষেত্ৰত আইনৰ দাৰস্থ হোৱাৰো ইংগিত প্ৰদান কৰিছে ৷

লগতে পঢ়ক : NHPC প্ৰকল্পৰ ২ নং টানেলৰ ওপৰেৰে হুৰহুৰাই বাগৰিছে পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.