Police seized assets of cow mafia: ধুবুৰীৰ গো মাফিয়াৰ কোটি টকীয়া সম্পত্তি জব্দ

author img

By

Published : Jul 26, 2022, 9:38 AM IST

cattle smugglers arrested in dhubur

ৰাজ্যত অবাধে চলি আছে গৰুৰ অবৈধ সৰবৰাহ (Illegal cattle smuggling in Assam) । ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ পশুধনৰ চোৰাং কাৰবাৰ বৰ্তমানেও চলাই গৈছে সৰবৰাহকাৰীয়ে । ইয়াৰ মাজতে এইবাৰ ধুবুৰীত আৰক্ষীৰ জালত পৰিল কুখ্যাত গো মাফিয়া । জব্দ কৰা হ'ল গো মাফিয়া কোটিটকীয়া সম্পত্তি (Police seized assets of cow mafia) ।

ধুবুৰী,২৬ জুলাই: আৰাক্ষীৰ চকুত ধূলি দি একাংশ গো মাফিয়াই ৰাজ্যত নিৰ্বিঘ্নে চলাই গৈছে গৰুৰ চোৰাং বেহা(Illegal cattle smuggling in Assam) । বিগত বহু বছৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ ধুবুৰী দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ পশুধনৰ চোৰাং কাৰবাৰ অব্যাহত আছে । সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ ৰোধ কৰাৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ । সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই ধুবুৰীৰ দক্ষিণ শালমাৰাৰ পৰা বহুকেইটা গৰুৰ চোৰাং সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ।

অৱশ্যে গৰুৰ এই চোৰাং কাৰবাৰ সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ আজি পৰ্যন্ত সক্ষম হোৱা নাই চৰকাৰ প্ৰশাসন । শেহতীয়াকৈ গো ধনৰ চোৰাং কাৰবাৰ ৰোধ কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমত গো সুৰক্ষা আইন বলবৎ কৰাৰ পিছতো এই সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি আহিছে বহু গো মাফিয়াক ৷ তাৰোপৰি ধুবুৰীত গো মাফিয়াক গ্ৰেপ্তাৰৰ লগতে সমান্তৰালকৈ বিশাল সম্পত্তিও জব্দ কৰিবলৈ আৰম্ভ কৰিছে ধুবুৰী আৰক্ষীয়ে । সোমবাৰে ধুবুৰীৰ আন এটা গো-মাফিয়াৰ কোটি টকীয়া সা সম্পত্তি জব্দ কৰে আৰক্ষীয়ে(Police seized assets of cow mafia in Dhubri) ।

Cattle Smugglers: ধুবুৰীৰ গো মাফিয়াৰ কোটি টকীয়া সম্পত্তি জব্দ

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল গো মাফিয়া সামছুল হক ওৰফে গব্বাৰ সিঙক । পৰৱৰ্তী সময়ত ধুবুৰী আদালতৰ নিৰ্দেশক্ৰমে গব্বাৰ সিঙক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে তেওঁৰ সম্পত্তি বিচাৰি অভিযান আৰম্ভ কৰে । ইতিমধ্যে গো মাফিয়াজনৰ বিভিন্ন স্থানত থকা প্ৰায় ১ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিবলৈ সক্ষম হৈছে ধুবুৰী আৰক্ষী ।

ধুবুৰী জিলা আৰক্ষী অধীক্ষকে উল্লেখ কৰা মতে, জিলাখনৰ পাঁচটাকৈ স্থানত মাটি সম্পত্তি জব্দ কৰাৰ লগতে দুটা বেংক একাউন্টৰ সবিশেষ জব্দ কৰিছে আৰক্ষীয়ে । অভিযোগ অনুসৰি দীৰ্ঘ দিনে গৰুৰ চোৰাং কাৰবাৰ কৰি আহৰণ কৰা অবৈধ ধনেৰে এই বিশাল সম্পত্তিৰ গৰাকী হৈছিল গব্বাৰ সিং ।

লগতে পঢ়ক: Praneshwar Pathak passes away : অজান পৃথিৱীলৈ গ’ল গৈ প্ৰবীণ অভিনেতা প্ৰাণেশ্বৰ পাঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.