No decision yet: হাগ্ৰামাৰ বিজেপি গমন সন্দৰ্ভত একো নাজানে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে !

No decision yet: হাগ্ৰামাৰ বিজেপি গমন সন্দৰ্ভত একো নাজানে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে !
ধুবুৰীৰ গোলকগঞ্জৰ জিনকাটাৰ পৰা আৰম্ভ হয় বিজেপিৰ ৰথ যাত্ৰা (BJP start Rath Yatra in Assam) । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷
ধুবুৰী, 17 নৱেম্বৰ : ‘‘বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী বিজেপিত যোগদান কৰাৰ কোনো কথাই দলৰ ভিতৰ চ’ৰাত ওলোৱা নাই ৷ কেৱল সংবাদ মাধ্যমতহে এই বিষয়ে চৰ্চা চলি আছে ৷’’ বৃহস্পতিবাৰে ধুবুৰীত আয়োজিত দলীয় এক সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita criticized Hagrama Mohilary) ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে ধুবুৰীৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ জিনকাটাৰ পৰা বিজেপিৰ এচ চি মৰ্চাৰ উদ্যোগত আৰম্ভ হয় বিজেপিৰ ৰথ যাত্ৰা (BJP start Rath Yatra in Assam) আৰু গাঁও সম্পৰ্ক যাত্ৰা বা গাঁও সম্পৰ্ক অভিযান (Gaon samparka Yatra of BJP) । এই অভিযানত অংশ লোৱাৰ উদ্দেশ্যে ধুবুৰীত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Bhabesh Kalita in Dhubri) ৷
প্ৰদেশ কংগ্ৰেছে বিগত 1 নৱেম্বৰত ধুবুৰীৰ পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰে (BJP rally in Assam) ৷
ইয়াৰ পিছতেই ধুবুৰীত AIUDF এ কেইবাটাখনো সভা অনুষ্ঠিত কৰি শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ কংগ্ৰেছ-AIUDF ৰ পিছত এইবাৰ ধুবুৰীৰ পৰাই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে ৰথ যাত্ৰাৰ কাৰ্যসূচী । ভৱেশ কলিতাই শুভাৰম্ভ কৰা এই কাৰ্যসূচীত জিলাখনৰ কেবাশতাধিক ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয় ৷
উল্লেখ্য যে, ধুবুৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra in Assam) প্ৰভাৱ স্তিমিত কৰিবলৈকে যে বিজেপিয়ে একে ঠাইৰপৰা এই ৰথ যাত্ৰা আয়োজন কৰিছে, সেয়া স্বাভাৱিকতেই অনুমেয় ৷ ৰাজ্যৰ ৫ টা প্ৰান্তৰ পৰা বিজেপিয়ে উলিয়াব এই যাত্ৰা ৷ আটাইকেইখন ৰথ আহি লগ লাগিব বৰপেটাত ৷
কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক প্ৰতি নিয়ত সমালোচনা বা হেয় কৰিলেও এই যাত্ৰাই যে বিজেপিক কিছু পৰিমাণে হ’লেও চিন্তাত পেলাইছে সেয়া স্পষ্ট হৈ পৰিছে ৷
লগতে পঢ়ক : BJP Rath Yatra: কংগ্ৰেছৰ দৰেই ধুবুৰীৰ পৰা বিজেপিয়েও আৰম্ভ কৰিব ৰথ যাত্ৰা
