১০ খন বিশেষ আঁচনিৰ বিষয়ে ঘোষণা ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ

author img

By

Published : Oct 9, 2021, 10:20 AM IST

Legal service authority pressmeet at Dhubri

দৰিদ্ৰ লোকক আইনী সাহাৰ্য প্ৰদানৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণে । শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে জিলা আইন সেৱা প্ৰাধিকৰণে ।

ধুবুৰী, ৯ অক্টোবৰ: শুকুৰবাৰে ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণে এখন সংবাদমেল সম্বোধন কৰি ১০ খন বিশেষ আঁচনি ৰূপায়ণ কৰাৰ কথা জানিবলৈ দিয়ে । দৰিদ্ৰ আৰু অসহায় লোকক আইনী সাহাৰ্য প্ৰদান কৰাৰ বাবে এই আঁচনিকেইখন গ্ৰহণ কৰা হৈছে । সম্পূৰ্ণ বিনামূলীয়াভাৱে আইনী সাহাৰ্য আগবঢ়াৱ বুলি জনাইছে আইন সেৱা প্ৰাধিকৰণে ।

ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা জীৱছি দেৱ, দুগৰাকী পেনেল অধিবক্তা ক্ৰমে কামৰুল হুছেইন আৰু মুক্তাৰা ইছলাম সংবাদমেলত উপস্থিত থাকে । দৰিদ্ৰ আৰু অসহায় লোকসকলৰ উপৰিও নিৰ্যাতিত পৰিয়াল, বিশেষভাৱে সক্ষম লোক আৰু বছৰি তিনি লাখতকৈ কম উপাৰ্জন থকা লোকক সম্পূৰ্ণ বিনামূলীয়াকৈ আইনী সাহাৰ্য প্ৰদান কৰা হ'ব ।

আনকি, আইনী বিষয়ক আন আন যি সমস্যা আছে সেয়াও সমাধান কৰি দিয়া হ'ব বুলিও ঘোষণা কৰা হয় এই সংবাদমেলত । এই সন্দৰ্ভত ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ সকলো ৰাইজক আহ্বান জনাইছে আইন সেৱা প্ৰাধিকৰণে ।

লগতে পঢ়ক:অসম-নাগালেণ্ড সীমান্তত আঢ়ৈ কোটি টকাৰ মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.