ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডল সহ এটা মাটিৰ দালাল

author img

By

Published : Oct 18, 2021, 5:44 PM IST

land broker with Lat Mondal arrested by Dhubri police

এটা মাহে আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন কৰি দুজনকৈ মাটিৰ দালালক শেহতীয়াকৈ আটক কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ এজন নাম হৈছে বিতৰ্কিত লাট মণ্ডল হজৰত আলী আৰু আনজন হৈছে মাটিৰ দালাল মহিদুজ্জামান খান ওৰফে মিৰ্জা খান ।

ধুবুৰী, 18 অক্টোবৰ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই ৰাজ্যজুৰি অভিযান চলাই আৰক্ষীয়ে এদিনতেই গ্ৰেপ্তাৰ কৰিছিল পাঁচ শতাধিক মাটিৰ দালাল । সমান্তৰালকৈ ধুবুৰীত গ্ৰেপ্তাৰ হৈছিল ২২ জনকৈ মাটিৰ দালাল । একাংশই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ ভয়ত বৰ্তমানেও ফুৰিছে পলাই ।

প্ৰাপ্ত তথ্য অনুসৰি ধুবুৰীৰ বহু কেইজন মাটিৰ দালালে ঘৰ-বাৰী এৰি আত্মগোপন কৰিছে অজ্ঞাত স্থানত । বিগত এটা মাহে আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন কৰি থকা দুজনকৈ মাটিৰ দালালক শেহতীয়াকৈ আটক কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ এজনৰ নাম হৈছে বিতৰ্কিত লাট মণ্ডল হজৰত আলী আৰু আন জন হৈছে মাটিৰ দালাল মহিদুজ্জামান খান ওৰফে মিৰ্জা খান ।

ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডল সহ এটা মাটিৰ দালাল

জানিব পৰা মতে, 11 অক্টোবৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ দুয়ো লাভ কৰিছিল জামিন ৷ দেওবাৰে জামিন লাভ কৰাৰ অৰ্ডাৰ কপি লৈ হাঁহি মুখে দুয়ো উপস্থিত হৈছিল ধুবুৰী সদৰ আৰক্ষী থানাত । কিন্তু দুয়োকে দিনটো আৰক্ষী থানাত বহাই ৰখাৰ পিছত নিশা দুয়োকে গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে ।

লগতে পঢ়ক: তুলসী ৰুই কাতি বিহু পালনৰ প্ৰস্তুতিত ব্যস্ত এজাক কিশোৰ-কিশোৰী

পূৰ্বৰ গোচৰৰ জামিন লাভ কৰিলেও আন এক নতুন গোচৰৰ ভিত্তিত লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খানক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে ৷ ইপিনে, নিশা ধুবুৰী আৰক্ষীয়ে লাট মণ্ডল হজৰত আলী আৰু দালাল মিৰ্জা খানক লগত লৈ অভিযান চলায় দুয়োৰে বাসগৃহত । ধুবুৰী আৰক্ষীৰ অধীক্ষকে সদৰী কৰা মতে, দুয়োজনৰ ঘৰৰ পৰা বহু কেইটা চৰকাৰী ফাইল তথা চৰকাৰী নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে ৷

ইতিমধ্যে ধৃত লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খানক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ৷ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আন বহু দালাল আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: অখিল গগৈক ভোট দি ভুল কৰিছিল নেকি শিৱসাগৰ বাসীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.