ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জন দালাল

author img

By

Published : Sep 22, 2021, 11:33 AM IST

Updated : Sep 22, 2021, 1:06 PM IST

laat-mandal-doctor-with-22-land-brokers-arrested-in-dhubri

লাট মণ্ডল(Laat Mandal), চিকিৎসকসহ 22 জন মাটিৰ দালাল(Land Broker)ক আটক ধুবুৰী আৰক্ষী(Dhubri Police)ৰ ৷ ইয়াৰ ভিতৰত 6 জনক মুকলি কৰি দিয়াৰ বিপৰীতে বাকী কেইজনক ইতিমধ্যে ন্যায়িক জিম্মাত ৰখা বুলি জানিব পৰা গৈছে ৷

ধুবুৰী, 22 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো দালাল(Broker) চক্ৰত জড়িত থকাসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে ৷ অভিযানৰ পৰিণতিস্বৰূপে মঙলবাৰে লাট মণ্ডল(Laat Mandal), চিকিৎসকসহ 22 জন মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষী(Dhubri Police)য়ে ৷

laat-mandal-doctor-with-22-land-brokers-arrested-in-dhubri
ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জনকৈ দালাল

ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে আটক কৰা মুঠ 24 জন দালালক 1512/21 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 120(B)/420/409/467/468/471 ধাৰাত গোচৰ পঞ্জীয়ন কৰি ধুবুৰী আদালত(Dhubri Court)ত হাজিৰ কৰোৱা হয় ৷ আদালতে ইতিমধ্যে আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

laat-mandal-doctor-with-22-land-brokers-arrested-in-dhubri
ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জনকৈ দালাল

লগতে পঢ়ক: দালাল ধৰিছে চৰকাৰে; ক্ষমতা দেখুৱাই মোকলাই নিছে বিৰোধী বিধায়কে !

আটকাধীনসকলৰ ভিতৰত আছে- চান্দ মিঞা, ওৱাছ আলী, হাফিজুৰ ৰহমান, উত্তম কুমাৰ সাহা, মহিদুল আজম সৰকাৰ, ছাইফুউদ্দিন শ্বেখ, জাকিৰ হুছেইন, আব্দুল কুদ্দুছ মোল্লা, তপন কুমাৰ ৰয়, মানিক খান, গোপাল মোৰ, সন্তোষ কুমাৰ হৰলালকা, সুজিদ কুমাৰ সাহ(লাট মণ্ডল), আবুল হুছেইন(লাট মণ্ডল), আব্দুল সাজিদ খান(লাট মণ্ডল), নলিনী ৰঞ্জন নাথ(লাট মণ্ডল), ফাৰুক আহমেদ, গুলেশ খান, জমসেৰ আলী, আব্দুল বাতেন, চুলতান আলী আহমেদ, সাহ আলম আহমেদ, নুৰ জামাল হক আৰু জব্বৰ আলী ।

laat-mandal-doctor-with-22-land-brokers-arrested-in-dhubri
ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জনকৈ দালাল

ইয়াৰ ভিতৰত গোপাল মোৰ আৰু সন্তোষ কুমাৰ হৰলালকাসহ চাৰিজনক ধুবুৰী সদৰ আৰক্ষী থানাৰ পৰাই আৰক্ষীয়ে মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে । আনহাতে, দালালৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এগৰাকী চিকিৎসকৰ নাম । ডাঃ ৰফিকুল ইছলাম নামৰ চিকিৎসকগৰাকীক দালাল চক্ৰত জড়িত থকাৰ অভিযোগত আটক কৰি ধুবুৰী সদৰ আৰক্ষী থানাত জেৰা কৰি থকা হৈছে ।

laat-mandal-doctor-with-22-land-brokers-arrested-in-dhubri
ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জনকৈ দালাল

লগতে পঢ়ক: বিশ্বনাথত 33 টা ভূ-মাফিয়াক আটক

Last Updated :Sep 22, 2021, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.