ধুবুৰী আৰক্ষীৰ জালত শালকাঠ ভৰ্তি বিলাসী স্কৰপিঅ’ বাহন

author img

By

Published : Oct 19, 2021, 3:27 PM IST

HUGE QUANTITY OF TIMBER AND A SCORPIO SEIZED AT DHUBRI

ধুবুৰী জিলাত চলিছে শালকাঠৰ বৃহৎ ছিণ্ডিকেট চক্ৰ । বিলাসীপাৰাত একাংশ মাফিয়াই চলাই আহিছে চোৰাং কাঠৰ এই ৰমৰমীয়া বেহা ।

পশ্চিম বিলাসীপাৰা, 19 অক্টোবৰ : ধুবুৰী জিলাৰ শালকোচাৰ পৰা আৰক্ষীয়ে সোমবাৰে বৃহৎ পৰিমাণৰ শাল কাঠ জব্দ কৰাৰ লগতে এখন স্কৰপিঅ’ (Scorpio) বাহন জব্দ কৰে ৷ ধুবুৰীৰ ৰাণীগঞ্জ আৰক্ষী, বিলাসীপাৰা আৰক্ষী আৰু শালকোচাৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই শালকাঠসহ স্ক’পিঅ’ (Scorpio) বাহনখন জব্দ কৰে ৷ শালকাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা হৈছে ৷

কোকৰাঝাৰ জিলাৰ বি টি আৰৰ কছুগাঁৱৰ পৰা চোৰাং কাঠ ব্যৱসায়ীয়ে বিলাসী বাহনেৰে ধুবুৰী, বিলাসীপাৰাৰ বিভিন্ন অঞ্চলত দিনে নিশাই চলাই আহিছে চোৰাং কাঠৰ এক ৰমৰমীয়া ব্যৱসায় । এনে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে সোমবাৰে ৰাণীগঞ্জ আৰক্ষী চলায় এক অভিযান । আৰক্ষীৰ জালৰ পৰা শালভৰ্তি বিলাসী স্ক’পিঅ’ বাহনখন লৈ চোৰাং ব্যৱসায়ীকেইজনে পলাবলৈ চেষ্টা কৰে যদিও পৰৱৰ্তী সময়ত ৰাণীগঞ্জ আৰক্ষীয়ে বিলাসীপাৰা আৰু শালকোচাৰ আৰক্ষীৰ সহযোগত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷

ধুবুৰী আৰক্ষীৰ জালত শালকাঠ ভৰ্তি বিলাসী স্ক’পিঅ’ বাহন

আৰক্ষীৰ দলটোৱে স্ক’পিঅ’ বাহনখন খেদি গৈ শালকোচা অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় । পাছত শালকোছা আৰক্ষীয়ে জব্দকৃত শালকাঠসহ বাহনখন ৰাণীগঞ্জ আৰক্ষীক চমজাই দিয়ে ৷ আৰক্ষীয়ে জব্দ কৰা স্ক’পিঅ’ বাহনখনৰ নম্বৰ হৈছে AS 01V 0786 ৷ অৱশ্যে চোৰাং ব্যৱসায়ীকেইজন পলায়ন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : বৰমাত নিচাজাতীয় কেপচুলসহ তিনিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.