Guru Tegh Bahadur 347th Martyr Day: গুৰু টেগ বাহাদুৰৰ ৩৪৭ তম শ্বহীদ দিৱস উপলক্ষে উখল মাখল ধুবুৰী

author img

By

Published : Nov 27, 2022, 10:54 PM IST

Guru Tegh Bahadur 347th Martyr Day in Dhubri

26 নৱেম্বৰৰ পৰা ধুবুৰী গুৰুদ্বাৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ ৩৪৭ তম শ্বহীদ দিৱস (Guru Tegh Bahadur 347th Martyr Day)। অনুষ্ঠানৰ দেওবাৰে দ্বিতীয় দিনা ধুবুৰীত সপত্নীৰে উপস্থিত হয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখী(Governor Jagdish Mukhi in Dhubri) ৷

ধুবুৰী, 27 নৱেম্বৰ: "গুৰু টেগ বাহাদুৰে হিন্দু লোকসকলৰ বাবে আৰু বিশ্ব শান্তিৰ বাবে যি বলিদান দিলে এনে বলিদানৰ উদাহৰণ বিশ্বতে নাই । গুৰু টেগ বাহাদুৰ এজন চাদৰ হিচাপে হিন্দুস্থানক সুৰক্ষিত কৰি ঢাকি ৰাখিছে ৷ আজি সমগ্ৰ হিন্দুস্থানে গুৰু টেগ বাহাদুৰৰ বলিদানক শ্ৰদ্ধা কৰিছে । আজি এই ঐতিহাসিক গুৰুদ্বাৰত উপস্থিত হৈ তেওঁৰ চৰণত সেৱা জনাইছো ।" ধুবুৰীৰ ঐতিহাসিক গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত উপস্থিত হৈ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই মন্তব্য প্ৰকাশ কৰে (Governor Jagdish Mukhi)৷

উল্লেখ্য যে 26 নৱেম্বৰৰ পৰা ধুবুৰী গুৰুদ্বাৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ ৩৪৭ তম শ্বহীদ দিৱস (Guru Tegh Bahadur 347th Martyr Day)। তিনিদিয়া কাৰ্যসূচীৰ দেওবাৰে দ্বিতীয় দিনা গুৰু চাহেব গ্ৰন্থৰ অখণ্ড পাঠৰ পিছত দুপৰীয়া প্ৰায় 2 বজাত ধুবুৰী চহৰত বিশাল নগৰ কীৰ্তন শোভাযাত্ৰা উলিওৱা হয়। এই নগৰ কীৰ্তনৰ পূৰ্বে দিন প্ৰায় 12.30 মান বজাত ধুবুৰীত সপত্নীৰে উপস্থিত হয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখী(Governor Jagdish Mukhi in Dhubri) ৷

ধুবুৰী আৱৰ্ত ভৱনত প্ৰথমে আৰক্ষী প্ৰশাসনৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰে । তাৰ পিছতেই পত্নীসহ ঐতিহাসিক গুৰুদ্বাৰত গৈ অংশগ্ৰহণ কৰে অখণ্ড পাঠ কাৰ্যসূচীত ৷ উক্ত অনুষ্ঠানত ৰাজ্যপাল গৰাকীয়ে নিজৰ মূল্যবান ভাষণত হিন্দু সকলৰ বাবে আৰু বিশ্ব শান্তিৰ বাবে শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ আত্ম বলিদানৰ সংক্ষিপ্ত জীৱনী সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰে ৷

গুৰু টেগ বাহাদুৰৰ ৩৪৭ তম শ্বহীদ দিৱস উপলক্ষে উখল মাখল ধুবুৰী

ৰাজ্যপাল গৰাকীয়ে কয় যে আজি গুৰু টেগ বাহাদুৰ শ্বহীদ দিৱসত আহিবলৈ পাই নিজকে সৌভাগ্যবান অনুভৱ কৰিছো। পূৰ্বেও মই ধুবুৰীত আহিছোঁ, কিন্তু শ্বহীদ দিৱসত অহাটো এটা বিশেষ মহত্ব আছে। ধুবুৰীত এজনো শিখ ধৰ্মাৱলম্বী লোক নাই যদিও দেশ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোক সমবেত হয় ধুবুৰীৰ গুৰুদ্বাৰত। ইয়াৰ পিছতেই গুৰুদ্বাৰত লংঘৰ গ্ৰহণ কৰিয়েই ৰাজ্যপাল গৰাকীয়ে পুনৰ উভতি যায় গুৱাহাটীলৈ।

ৰাজ্যপাল গৰাকীৰ কাৰ্যসূচীৰ পিছতেই ধুবুৰী গুৰুদ্বাৰৰ পৰা লক্ষাধিক ভক্তৰ অংশগ্ৰহণেৰে গুৰু টেগ বাহাদুৰৰ গ্ৰন্থ চাহেবক লৈ ধৰ্মীয় পৰম্পৰা অনুসৰি বিশাল নগৰ কীৰ্তন শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। আনপিনে গুৰু টেগ বাহাদুৰ শ্বহীদ দিৱস উপলক্ষে বিগত বৰ্ষৰ দৰে এইবেলিও তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ আছে শিখ মেলা । গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰ আৰু শিখ মেলাত লাখ লাখ ভক্ত আৰু ব্যৱসায়ী সকলে অংশগ্ৰহণ কৰা দেখা যায়।

মুঠৰ ওপৰত গুৰু টেগ বাহাদুৰ শ্বহীদ দিৱস উপলক্ষে উখল মাখল হৈ পৰাৰ বিপৰীতে গুৰু কীৰ্তনত মুখৰিত হৈ পৰিছে সমগ্ৰ ধুবুৰী চহৰ। উল্লেখযোগ্য যে, ১৫০৫ খ্ৰীষ্টাব্দত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন হোৱা শিখ ধৰ্মৰ ঐতিহাসিক গুৰুদ্বাৰ। শিখ ধৰ্মৰ প্ৰথম গুৰু, গুৰুনানকে স্থাপন কৰা ধুবুৰীৰ এইখন গুৰুদ্বাৰত ১৬ শ খ্ৰীষ্টাব্দত আগমণ ঘটিছিল শিখ ধৰ্মৰ অন্তিম গুৰু, গুৰু টেগ বাহাদুৰ। পোন্ধৰ শ খ্ৰীষ্টাব্দত স্থাপন হোৱা ধুবুৰীৰ গুৰুদ্বাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম।

কথিত পুৰাণ মতে, ষোল্ল শ শতিকাত অসম (কামৰূপ)ৰ ৰজা চক্ৰধ্বজ সিঙক আক্রমণ বাবে মোগল সম্রাট ঔৰংগজেৱে জয়পুৰৰ ৰজা ৰাম সিঙক পঠিয়াইছিল অসমৰ ধুবুৰী লৈ। সেই সময়ত ৰজা ৰাম সিঙে ধুবুৰী লৈ আমন্ত্ৰণ কৰিছিল নৱম গুৰু টেগ বাহাদুৰক। তেতিয়া ধুবুৰীত ক'লা যাদু আৰু কু সংস্কাৰৰ যথেষ্ট প্ৰভাৱ আছিল। সেয়ে পাঁচ পীৰক লগত লৈ ধুবুৰীত পদাৰ্পণ কৰিছিল শিখ ধৰ্মৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰে।

সেইমতে এটা সময়ত কলা যাদু আৰু কু সংস্কাৰ আঁতৰাই শান্তি প্ৰতিষ্ঠা কৰিছিল ধুবুৰীত। তেতিয়াৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ধ্যান কৰি ঈশ্বৰক উপাসনা কৰিছিল গুৰু টেগ বাহাদুৰে। যদিও পৰৱৰ্তী সময়ত নিজৰ পুত্ৰ সন্তান জন্ম হোৱাৰ খবৰ পাই পাটনাত থকা ঘৰলৈ উভতি যাওতে মোগল সম্রাট ঔৰংগজেৱৰ হাতত বন্দী হয় আৰু আজিৰ পৰা ৩৪৭ বছৰ পূৰ্বে বন্দীত্ব কালতেই শ্বহীদ হৈছিল গুৰু টেগ বাহাদুৰ। তেতিয়াৰ পৰাই প্ৰতিবছৰে ধুবুৰী গুৰুদ্বাৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় শ্বহীদ দিৱস।

লগতে পঢ়ক: Assam Meghalaya border conflict: ষষ্ঠ দিনা মুকলি হ’ল অসম-মেঘালয়ৰ যাতায়াত ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.