ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মণ্ডলৰ কন্দল

author img

By

Published : Sep 28, 2021, 10:40 PM IST

government-official-fighting-with-a-lady-in-dhuburi-revenue-circle-office

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । এগৰাকী মহিলা আৰু মণ্ডলৰ মাজত হতাহতি । আৰক্ষীৰ দ্বাৰা নিয়ন্ত্ৰণ হ’ল পৰিস্থিতি ।

ধুবুৰী, 28 ছেপ্টেম্বৰ : মঙলবাৰে ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এগৰাকী ভুক্তভোগী মহিলা আৰু লাট মণ্ডলৰ মাজত হতাহতি হোৱাৰ লগতে এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰীৰ দহ নম্বৰ ৱাৰ্ডৰ এডোখৰ ভূমিক লৈ দুই পক্ষৰ মাজত চলি আহিছে বিবাদ । দহ নম্বৰ ৱাৰ্ডত ২৯৯৮ আৰু ২৯৯৯ নম্বৰ দাগৰ চাৰি কঠা চাৰি কঠা লৈ মুঠ আঠ কঠা মাটি আছে গুলজাৰ উদ্দিন, আনোৱাৰ হুছেইন, নুৰুণ নাহাৰ, ইউচুফা খাতুন, ছামছুন নাহাৰ আৰু জাহানাৰা খাতুনৰ নামত ।

মহিলাৰ সৈতে মণ্ডলৰ হতাহতি হোৱাত ধুবুৰীত লাগিল কন্দল !

কিন্তু সম্প্ৰতি উক্ত মাটিখিনিৰ চাৰি কঠা মাটি মনোৱাৰ হুছেইন আৰু চাৰি কঠা মাটি চিৰাজুল হকৰ পৰিয়ালে দখলত আছে । ইপিনে, জাহানাৰা খাতুনৰ নামত দুটা দাগত পাঁচ লেছা পাঁচ লেছাকৈ মুঠ দহ লেছা মাটি চিৰাজুল হকৰ পৰিয়াল আৰু মনোৱাৰ হুছেইনে দখল কৰিছে বুলি অভিযোগ তুলিছে ভুক্তভোগী মহিলা জাহানাৰা খাতুনে । ইপিনে, সুদীৰ্ঘ ২০ বছৰে মাটিৰ খাজনা আদায় দি আহি আজি নিজৰ মাটি হেৰুৱাব লগীয়া হোৱাত মানসিকভাৱে ভাগি পৰিছে মহিলাগৰাকী ।

আনহাতে, মাটিখিনি ভাগ বাটোৱাৰাৰ বাবে আবেদন কৰিছে যদিও মাটিখিনি ভাগ বাটোৰোৱাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ লগতে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে । ইপিনে, লাট মণ্ডলে জনোৱা মতে, ভাগ বাটোৱাৰাৰ বাবে কৰা আবেদনৰ ভিত্তিত ক্ষেত্ৰ ভিত্তিত তদন্ত কৰা হৈছে আৰু মাটিখিনি জাহানাৰা খাতুনৰ দখলত নাই বাবে আবেদন খাৰিজ কৰা হয় ।

আবেদন খাৰিজ কৰাৰ পিছতেই ভুক্তভোগী মহিলা গৰাকীয়ে মঙলবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ লাট মণ্ডল নমেজ উদ্দিনক সাক্ষাৎ কৰে । তাৰ পিছতেই সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । এটা সময়ত মণ্ডল আৰু মহিলা গৰাকীৰ মাজত ঠেলা হেঁচা আৰু তাৰ পিছত একপ্ৰকাৰ হতাহতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । অৱশ্যে, পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ কাৰ্য্যালয়ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

লগতে পঢ়ক : অসমৰ ইতিহাস চৰ-চাপৰি ফালৰ পৰাই ঘূণে ধৰিছে : সাংসদ প্ৰদান বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.