''মই গেম খেলিম'' থানাৰ চৌহদতে ড্ৰাগছৰ মাফিয়াৰ হুংকাৰ !

author img

By

Published : Oct 17, 2021, 10:05 PM IST

drug-mafia-challenged-assam-police

আৰক্ষী থানাত আৰক্ষীৰ লগতে বিজেপি দলৰ একাংশক মুকলি প্ৰত্যাহ্বান ড্ৰাগছ মাফিয়াৰ । পুনৰ ব্যৱসায় কৰাৰো দিলে হুংকাৰ ৷

ধুবুৰী, 17 অক্টোবৰ : ধুবুৰী আৰক্ষী থানাত এজন ড্ৰাগছ মাফিয়াৰ হুংকাৰ । আৰক্ষীৰ লগতে বিজেপি দলৰ একাংশক মুকলি প্ৰত্যাহ্বান ড্ৰাগছ মাফিয়াৰ । থানাৰ ভিতৰত বন্দী হৈ থাকিও ড্ৰাগছ মাফিয়াই কলে "মই কাকো ভয় নকৰোঁ । এতিয়া খেল হ’ব'' ৷

ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান । শনিবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনি যুৱকক । ধুবুৰীৰ ঝগৰাৰ পাৰৰ বিনপট্টি অঞ্চলত চলিছিল আৰক্ষীৰ অভিযান । ধৃত তিনিজনৰ নাম ৰাহুল প্ৰসাদ, আবু তালেপ মোল্লাহ আৰু ৰাকেশ দাস । ইয়াৰে ৰাহুল প্ৰসাদ আৰু ৰাকেশ পূৰ্বেও ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল । জেলৰ পৰা ওলাই পুনৰ আৰম্ভ কৰিছে ড্ৰাগছৰ বেহা ।

''মই গেম খেলিম '' থানাৰ চৌহদতে ড্ৰাগছৰ মাফিয়াৰ হুংকাৰ

এইবাৰ গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদৰ হুংকাৰ । আৰক্ষী থানাৰ পৰাই আৰক্ষী আৰু একাংশ বিজেপি কৰ্মীলৈ মুকলি প্ৰত্যাহ্বান জনাই ৰাহুলে ক’লে পুনৰ ব্যৱসায় কৰিব আৰু এইবাৰ হেনো খেল হ’ব । উল্লেখ্য যে, জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ বেহা চলাই থকাৰ এক গোপন তথ্যৰ ভিত্তিত শনিবাৰে নিশা আৰক্ষীৰ দল এটাই ঝগৰাৰ পাৰৰ বিনপট্টি অঞ্চলত অভিযান চলায় ।

অভিযান কালত ৰাহুল প্ৰসাদ নামৰ ড্ৰাগছ মাফিয়াটো পুখুৰীত নামি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আনহাতে, ৰাহুলৰ লগতে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাকেশ দাস আৰু আবু তালেপ মোল্লাহ নামৰ আন দুজন যুৱককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । সম্প্ৰতি, অধিক তথ্যৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে তিনিওৰে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কাতি বিহুৰ পালনৰ বাবে সাজু হৈছে মাজুলীৰ সত্ৰ সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.