অধিক ধনৰ লোভে দুৰ্নীতি নিবাৰকৰ জালত পেলালে ধুবুৰীৰ মেহবুব মোল্লাক

author img

By

Published : Sep 17, 2022, 7:31 PM IST

অধিক ধনৰ লোভে দুৰ্নীতি নিবাৰকৰ জালত পেলালে ধুবুৰীৰ মেহবুব মোল্লাক

ক্ৰমাৎ দীঘলীয়া হৈছে ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তালিকা ৷ শনিবাৰেই দুগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীক হাত দঙাই ফটো উঠালে দুৰ্নীতি নিবাৰক শাখাই (Directorate Vigilance and Anti Corruption)৷

ধুবুৰী, 17 ছেপ্টেম্বৰ: দীঘলীয়া হৈ গৈ আছে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰা চৰকাৰী কৰ্মচাৰীৰ তালিকা (Corrupted govt employee Assam)৷ দৰমহাৰৰ টকাৰে পেট নভৰা একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীক খমখমীয়া নোটৰ সৈতেই হাত দঙাই ফটো তুলিছে দুৰ্নীতি নিবাৰক শাখাই (Directorate Vigilance and Anti Corruption) ৷ শনিবাৰৰ দিনটোতে এই পৰ্যন্ত ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ কেমেৰাত বন্দী হ’ল দুগৰাকী চৰকাৰী বিষয়া ৷

ইজনৰ পাছত সিজন হাতো-লোটে ধৰা পৰা পাছতো ডেমকেয়াৰ হৈ থকা এগৰাকী ঘোচখোৰ চৰকাৰী কৰ্মচাৰী ধৰা পৰিল ধুবুৰীত ৷ ধুবুৰীৰ বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ এগৰাকী চৰকাৰী কৰ্মচাৰীক শনিবাৰে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই (Bilasipara Circle Office Assistant arrested)।

অধিক ধনৰ লোভে দুৰ্নীতি নিবাৰকৰ জালত পেলালে ধুবুৰীৰ মেহবুব মোল্লাক

এক অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতৰ্কিতে বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্যালয়ত চলালে অভিযান । অভিযানত কাৰ্যালয়টোৰ মেহবুব মোল্লা নামৰ নামৰ জ্যেষ্ঠ সহায়কজনক উৎকোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় । মাটি সংক্ৰান্তীয় বিভিন্ন কাম কৰাৰ নামত উৎকোচ লোৱাৰ অভিযোগ আছিল চৰকাৰী কৰ্মচাৰীজনৰ বিৰুদ্ধে ।

ইপিনে কৰ্মচাৰীজনক গ্ৰেপ্তাৰৰ পাছতেই দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে কৰ্মচাৰীজনৰ ধুবুৰীস্থিত বাসগৃহতো চলালে অভিযান । মেহবুব মোল্লাৰ বাসগৃহত অভিযান চলাই কেইবাখনো বেংক পাছবুকসহ কিছু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে ।

আনহাতে শনিবাৰেই যোৰহাটতো দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে এগৰাকী ঘোচখোৰ মহিলা বিষয়াক (Drug Inspector arrested in Jorhat)৷ ফাৰ্মাচীৰ লাইচেন্স উলিয়াই দিয়াৰ নামত ড্ৰাগ ইঞ্চপেক্টৰ জাহ্নৱী কলিতাই উৎকোচ বিচাৰি ধৰা পৰিল দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত ৷

লগতে পঢ়ক: পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এগৰাকী ড্ৰাগ ইঞ্চপেক্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.