প্ৰিয়ংকা গান্ধীক মুক্তিৰ দাবী: ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 6, 2021, 10:12 AM IST

congress-protest-all-over-assam

উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী(Priyanka Gandhi)ক মুক্তিৰ দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰদেশ কংগ্ৰেছ(Pradesh Congress)য়ে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ শেহতীয়া তথ্য...

নিউজ ডেস্ক, 6 অক্টোবৰ : উত্তৰ প্ৰদেশত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী(Priyanka Gandhi)ক আটক কৰা বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ(Protest) অব্যাহত ৰাখিছে বিৰোধী দল কংগ্ৰেছ(Congress)য়ে ৷ ইয়াৰ সমান্তৰালকৈ মঙলবাৰে কংগ্ৰেছ নেত্ৰীগৰাকীক মুক্তিৰ দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্ততো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

congress protest at bilasipara
বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰতিবাদ

বিলাসীপাৰা : উত্তৰ প্ৰদেশৰ কাণ্ডক লৈ সমগ্ৰ ভাৰতবৰ্ষ লগতে বিলাসীপাৰাতো কংগ্ৰেছ দল(Congress Party)ৰ উত্তাল প্ৰতিবাদ । বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত বিলাসীপাৰা আৰু নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত বিজেপি চৰকাৰ হায় হায়, মোডী চৰকাৰ মুৰ্দাবাদ, প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে । প্ৰিয়ংকা গান্ধীক বিনা চৰ্তে মুক্তি নিদিলে গান্ধীবাদী চিন্তাধাৰাৰে সমগ্ৰ ভাৰতবৰ্ষত গণ আন্দোলনৰ কৰাৰ হংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

congress protest at dhubri
ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰী : ধুবুৰী জিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ ধুবুৰীৰ ৰাজীৱ ভৱনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ(Yogi Adityanath)ৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় । কৃষক আন্দোলনত প্ৰাণ ত্যাগ কৰাসকলৰ পৰিয়ালৰ খবৰ ল’বলৈ যোৱাৰ সময়তে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ মুক্তিৰ দাবী তুলি হাতে হাতে প্লে’-কাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছে ।

congress protest at bongaigaon
বঙাইগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

বঙাইগাঁও : বঙাইগাঁও জিলাৰ অভয়াপুৰীতো কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত টাপাট্টাৰী ব্লক কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ । সৃজনগ্ৰাম ৰাজহ চক্ৰ কাৰ্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

congress protest at dibrugarh
ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰতিবাদ

ডিব্ৰুগড় : বিজেপি চৰকাৰ হায় হায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি চৰকাৰ লেই লেই চেই চেই, ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ আদি ধ্বনিৰে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ৷ কংগ্ৰেছ কৰ্মীসকলে ডিব্ৰুগড় জিলাৰ কংগ্ৰেছ ভৱনৰ পৰা এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত দেওবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাত চাৰিগৰাকী কৃষকসহ 9 গৰাকী লোকৰ মৃত্যু হয় ৷

congress protest at baksa
বাক্সাত কংগ্ৰেছৰ প্ৰতিবাদ

বাক্সা : শালবাৰী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বাক্সা জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত জালাহ ব্লক আৰু গোৱৰ্ধনা ব্লক কংগ্ৰেছৰ সহযোগত প্ৰতিবাদী ধৰ্ণা । নিখিল কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীক অচিৰেই মুক্তিৰ দাবী তুলি বিজেপি চৰকাৰ হায় হায়, মোডী চৰকাৰ মিছলীয়া আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

congress protest at rupahihat
ৰূপহীহাটত কংগ্ৰেছৰ প্ৰতিবাদ

ৰূপহীহাট : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীৰে ৰূপহীহাট ব্লক কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন । ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰূপহী ব্লক কংগ্ৰেছৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । হাতে-হাতে প্লে-কাৰ্ড লৈ কংগ্ৰেছ কৰ্মীসকলে প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : প্ৰিয়কা গান্ধীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.