ৰকিবুলে ধুবুৰীত নিৰ্বাচন খেলিলে আজমলে টালি-টোপোলা বান্ধিব লাগিব: মীৰা বৰঠাকুৰ

author img

By

Published : Sep 24, 2022, 9:22 AM IST

Congress executive meeting held in Dhubri

এ আই ইউ ডি এফৰে মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট প্ৰদেশ কংগ্ৰেছৰ(AIUDF Alliance with Congress) ৷ আজমলৰ সৈতে কেতিয়াও মিত্ৰতা নকৰে কংগ্ৰেছে ৷ আনহাতে আজমলক হৰুৱাবলৈ ৰকিবুল হুছেইনে পাৰফেক্ট বুলি মন্তব্য অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ(Assam Pradesh Mahila Congress President Mira Borthakur)।

ধুবুৰী, ২৪ ছেপ্টেম্বৰ: "আজমলৰ সৈতে কেতিয়াও মিত্ৰতা নকৰে কংগ্ৰেছে" কংগ্ৰেছৰ এই স্থিতি স্পষ্ট কৰিলে ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷ শুকুৰবাৰে ধুবুৰীত অনুষ্ঠিত ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ এক কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ এই মন্তব্য কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে (Assam Pradesh Mahila Congress President Mira Borthakur)।

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈ ব্যস্ত এতিয়া ৰাজ্যৰ ৰাজনীতি (2024 Lok Sabha election)। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত শাসক বিৰোধী উভয়ে । শুকুৰবাৰে ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে দলীয় মহিলা কৰ্মীসকলক দলীয় সাংগঠনিক দিশত শক্তিশালী হ’বলৈ আহ্বান জনায় (Congress executive meeting held in Dhubri)।

ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিজেপি চৰকাৰক বিভিন্ন দিশত সমালোচনা কৰাৰ লগতে এ আই ইউ ডি এফকো কঠোৰ ভাষাৰে সমালোচনা কৰে ।

মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ

সভানেত্ৰীগৰাকীয়ে কয় "কংগ্ৰেছৰ স্থিতি এতিয়ালৈকে স্পষ্ট, কংগ্ৰেছে কোনো কাৰণতেই আজমলৰ সৈতে মিত্ৰতা নকৰে ৷ যিটো দলে যোৱা নিৰ্বাচনত কংগ্ৰেছৰ লগত মিত্ৰতা কৰি ৰাতি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ লগত বৈঠক পাতি কংগ্ৰেছক হৰুৱাবলৈ যিটো বেপাৰ তেওঁলোকে কৰিলে, সেই দলৰ লগত কংগ্ৰেছে কোনো কাৰণতেই মিত্ৰতা নকৰে" ৷

আনহাতে এইবাৰ ধুবুৰীত আজমলক হৰুৱাবলৈ ৰকিবুল হুছেইন নিখুঁত বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে ৷ ৰকিবুল হুছেইনে ধুবুৰীত নিৰ্বাচন খেলিলে আজমলে টালি-টোপোলা বান্ধিব লাগিব বুলিও মন্তব্য কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে ।

ধুবুৰীত অনুষ্ঠিত এই সভাত জিলা কংগ্ৰেছৰ সভাপতি ছামচুল ইছলাম, গোলকগঞ্জ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুছ ছুবাহান আলী সৰকাৰকে ধৰি জিলা কংগ্ৰেছৰ বহু বিষয়ববীয়া আৰু মহিলা কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: জনজাতিকৰণ: শীঘ্ৰে মীমাংসাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.