ভতিজাকক উদ্ধাৰ কৰিবলৈ গৈ লুইতত প্ৰাণ হেৰুৱালে মহিলাই

author img

By

Published : Oct 16, 2021, 10:23 PM IST

Body of missing woman recovered

ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ বুকুত এগৰাকী কিশোৰীক উদ্ধাৰ কৰিব গৈ এগৰাকী মহিলা সলিল সমাধি ৷ স্থানীয় লোকৰ সহযোগত এছ ডি আৰ এফৰ দলে অভিযান চলাই উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহ ৷

ধুবুৰী, 16 অক্টোবৰ : ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ বুকুত এগৰাকী কিশোৰীক উদ্ধাৰ কৰিব গৈ এগৰাকী মহিলা সলিল সমাধি ৷ প্ৰাপ্ত তথ্য অনুসৰি, অয়ৰাণ জংলা প্ৰথম খণ্ড গাঁৱৰ আফছানা খাতুন নামৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰী গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ সোঁতত উটি যায় ।

ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন মহিলাৰ মৃতদেহ উদ্ধাৰ

এই ঘটনা প্ৰত্যক্ষ কৰি ৰূপচান্দ আলীৰ পত্নী তথা কিশোৰী গৰাকীৰ খুৰীয়েক আমিনা খাতুনে উদ্ধাৰ কৰিবলৈ যায় । কিন্তু কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ গৈ আমিনা খাতুন নিজেও সন্ধানহীন হৈ পৰে ব্ৰহ্মপুত্ৰৰ বুকুত । ইপিনে এই ঘটনা কিছু দূৰৰ পৰা প্ৰত্যক্ষ কৰি নুৰ আলম নামৰ এজন যুৱকে কিশোৰী আৰু মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই ।

যুৱকজনে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ৷ তাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰে মহিলা গৰাকী । খবৰ পাই স্থানীয় ৰাইজে নাও, জাল আদি বিভিন্ন প্ৰচেষ্টাৰে উদ্ধাৰ অভিযান চলায়ো উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ৷ পাচত ঘটনা সংক্ৰান্তত স্থানীয় ৰাইজে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে ৷

খবৰ লাভ কৰিয়ে এছ ডি আৰ এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ স্থানীয় লোকৰ সহযোগত এছ ডি আৰ এফৰ দলটোৱে অভিযান চলাই সন্ধিয়া ভাগত উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহ ৷

লগতে পঢ়ক: ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.