Bhupen Bora on challenge: লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা আজমলক উৎখাত কৰাৰ সংকল্প কংগ্ৰেছৰ

author img

By

Published : Nov 4, 2022, 9:50 PM IST

Bharat Jodo Yatra in Assam

আগন্তক নিৰ্বাচনত ধুবুৰীৰ পৰা বদৰুদ্দিন আজমলক উৎখাত কৰাৰ সংকল্প কংগ্ৰেছৰ (Congress challenged Ajmal)। গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ ভূপেন বৰাৰ (Bhupen Borah challenged CM Himanta Biswa Sarma) । আজমলৰ AIUDF জন্ম হোৱাৰ পিছতেই আৰ এছ এছ আৰু বিজেপিৰ পথাৰখন সাৰুৱা হ’বলৈ আৰম্ভ হয় বুলি কটাক্ষ ভূপেন বৰাৰ (Communal politics in Assam) ।

ধুবুৰী, 4 ডিচেম্বৰ: এফালে গুৱাহাটীত বহি বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে পুনৰ মিত্ৰতা কৰাৰ পোষকতা কৰিছে আৰু আনফালে ধুবুৰীৰ পৰা আজমলক ওফৰাই পঠোৱাৰ হুংকাৰ দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora challenged AIUDF chief) ৷ অৱশ্যে মিত্ৰতাৰ পোষকতা কৰিলেও বৃহস্পতিবাৰ আৰু শুকুৰবাৰে আজমলে সংবাদমাধ্যমৰ সমুখত কঠোৰ সমালোচনা কৰে কংগ্ৰেছক ৷ ভূপেন বৰাৰ হুংকাৰ তাৰেই যেন এক প্ৰত্যুত্তৰ (Bhupen Bora replies on Ajmal comment) ৷

অহা লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা আজমলক উৎখাত কৰাৰ সংকল্প কংগ্ৰেছৰ

ভূপেন বৰাই কয় যে, বিজেপি আৰু আৰ এছ এছে ১৯৮০ চনৰ পৰাই সম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব বিচাৰিছিল অসমত (Bhupen Bora termed AIUDF communal) । কিন্তু সফল হোৱা নাছিল । কিন্তু আজমলৰ AIUDF জন্ম হোৱাৰ পিছতেই আৰ এছ এছ আৰু বিজেপিৰ পথাৰখন সাৰুৱা হ’বলৈ আৰম্ভ হয় । আনপিনে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোপনে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰাৰো অভিযোগ কৰে ভূপেন বৰাই।

সাম্প্ৰদায়িক বিষবাষ্প যদি নিঃশেষ কৰিব লগা হয়, তেন্তে বিজেপি আৰু AIUDF দুয়োটা সাম্প্ৰদায়িক শক্তিক নিৰ্মূল কৰিব লাগিব বুলিও মন্তব্য কৰে ভূপেন বৰাই (Bhupen Bora on challenge)।

কংগ্ৰেছৰ ভুলৰ বাবেই ধুবুৰীৰ পৰা AIUDF ক উৎখাত কৰাৰ সংকল্প লোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, যিদিনা ধুবুৰীত AIUDF ৰ ভেটি খহিব সেইদিনা দিছপুৰৰ মচনদৰ পৰা বিজেপি আপোনা আপোনি খহি পৰিব । লগতে আজমলে ভূপেন বৰাক আক্ৰমণ কৰি এক কোটি টকাৰ চেলেঞ্জ কৰাৰ পিছত ভূপেন বৰাই কয়, ‘‘আজমলে এক কোটি টকা দিলে আমাৰ ভাৰত জোড়ো যাত্ৰাত খিচিৰিৰ সলনি বেলেগ ভোজৰ আয়োজন কৰা যাব’’ ।

আগন্তুক লোকসভা নিৰ্বাচনত (Lok Sabha election 2024) কংগ্ৰেছে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা উৎখাত কৰাৰ সংকল্প লৈছে বুলি উল্লেখ কৰে ভূপেন বৰাই ৷ অহা লোকসভা নিৰ্বাচনত আজমলৰ ভেটি ধুবুৰীত খহিব আৰু ধুবুৰী কংগ্ৰেছৰ দখললৈ আহিব বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে । অনহাতে লোকসভা নিৰ্বাচনত গুৱাহাটীৰ পৰা ভূপেন বৰাই নিজে প্ৰতিদ্বন্দিতা কৰিব বুলি দাবী কৰাৰ বিপৰীতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ভূপেন বৰাই চেলেঞ্জ কৰে মুখ্যমন্ত্ৰীক (Bhupen Borah challenged CM Himanta Biswa Sarma) ।

লগতে পঢ়ক: Ajmal on Congress: কংগ্ৰেছত আছে হিমন্ত বিশ্ব শৰ্মাৰ পেইড লীডাৰ; দৃঢ় বিশ্বাসী আজমল

ইফালে এইবাৰ টকা আৰু মুখ চাই নহয় ৰাইজক চাইহে টিকট দিব বুলি উল্লেখ কৰি ধুবুৰী, বৰপেটাকে ধৰি কেইবাখনো আসন কংগ্ৰেছে দখল কৰিব বুলি দাবী কৰে ভূপেন বৰাই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমাধ্যমৰ সমুখত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল AIUDF ৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে (AIUDF chief Ajmal criticizes APCC) ৷ তেওঁ অভিযোগ কৰে যে, হিমন্ত বিশ্ব শৰ্মাৰ পেইড লীডাৰ আছে কংগ্ৰেছত ৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা কৰিবলৈ তথা উজনি অসমত থিয় দিবলৈ কংগ্ৰেছৰ সাহস নাই বুলি কটাক্ষ কৰে আজমলে ৷ কংগ্ৰেছত বিজেপিৰ A টু Z টীম আছে বুলি অভিযোগ কৰে সাংসদজনে ৷ অৱশ্যে বিজেপিক ওফৰাবলৈ পুনৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰো পোষকতা কৰে AIUDF ৰ সভাপতি আজমলে ৷

আনহাতে, শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত পুনৰ একেখিনি কথাকে দোঁহাৰে আজমলে ৷ তেওঁ কয় যে, কংগ্ৰেছে বিজেপিৰ বিৰোধিতা কৰিবলৈ এৰি AIUDF ৰ বিৰোধিতা কৰাত ব্যস্ত হৈ আছে ৷ এনেকৈ হ’লে বিজেপিক ওফৰাব পৰা নাযাব বুলি তেওঁ উল্লেখ কৰে ৷ ভূপেন বৰাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ যোগ্যতা নাই বুলি কটাক্ষ কৰাৰ লগতে কথা প্ৰসংগত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই পাগলৰ দৰে ভাষণ দিয়ে বুলিও কয় বদৰুদ্দিন আজমলে (Ajmal on Bhupen Bora)৷

উল্লেখ্য যে, সম্প্ৰদায়িকতাৰ ৰাজনীতি, মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাকে ধৰি কেইবাটাও মূল ইছ্যু লৈ ৰাহুল গান্ধীৰ নেতৃত্বত নিখিল ভাৰত কংগ্ৰেছে যোৱা ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা । অসমতো যোৱা এক নৱেম্বৰত ধুবুৰীৰ গোলকগঞ্জৰ পৰা আৰম্ভ কৰা হয় প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra)৷

শুকুৰবাৰে বিয়লিৰ ভাগত বিলাসীপাৰাৰ বাঙালীপাৰাৰ পৰা বিলাসীপাৰা চহৰ হৈ বেলতলীলৈ যায় প্ৰদেশ কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Assam) । কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক লৈ কালি আজমলে ভূপেন বৰাক কটাক্ষ কৰি বিভিন্ন প্ৰকাৰে সমালোচনা কৰাৰ পিছত আজি সাংবাদিকৰ আগত বদৰুদ্দিন আজমলক প্ৰত্যুত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে পঢ়ক: Ajmal re-elected as President of AIUDF: পুনৰ এ আই ইউ ডি এফৰ সভাপতি নিৰ্বাচিত বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.