AIUDF Congress Alliance: আমাৰ লগত হাত নিমিলালে কংগ্ৰেছ শূন্যত থাকিব: আজমল

author img

By

Published : Jan 18, 2023, 10:15 PM IST

AIUDF Congress Alliance

AIUDFৰ সৈতে প্ৰদেশ কংগ্ৰেছে কোনো কাৰণতে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰাৰ পিচতো কংগ্ৰেছৰ লগ এৰিব বিচৰা নাই বদৰুদ্দিন আজমলে ৷ পুনৰ আজমলে কলে, যদিহে মিত্ৰতা নকৰে তেন্তে এইবাৰ কংগ্ৰেছৰ আসন হ’ব শূন্য ৷ AICCৰ লগতো সম্পৰ্ক ঠিকেই আছে বুলিও কৌশলী মন্তব্য আজমলৰ ৷

আমাৰ লগত হাত নিমিলালে কংগ্ৰেছ শূন্যত থাকিব: আজমল

ধুবুৰী, 18 জানুৱাৰী: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে কি হ’ব AIUDFৰ ৰাজনৈতিক সমীকৰণ ? কাৰণ কংগ্ৰেছে এৰিলেও AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে এৰিব বিচৰা নাই কংগ্ৰেছৰ লগ(Congress AIUDF alliance) ৷ কংগ্ৰেছৰ কান্ধত বন্দুক থৈ গুলী ফুটোৱাৰ অংক অব্যাহত ৰাখিছে বদৰুদ্দিন আজমলে(Badruddin Ajmal) ৷ বুধবাৰে ধুবুৰীত উপস্থিত হৈ AIUDFৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে পুনৰ দোহাৰিলে কংগ্ৰেছৰে মিত্ৰতাৰ কথা ৷

2024ৰ লোকসভা নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে কুচকাৱাজ(Lok Sabha election 2024) ৷ তাৰ মাজতে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ প্ৰসংগ বাৰুকৈয়ে চৰ্চিত হৈ পৰিছে ৷ অৱশ্যে ইতিমধ্যেই AIUDFৰে কোনো কাৰণতে মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ কিন্তু আজমলে যেন নেৰে ৷

ধুবুৰীত AIDUFৰ সাংসদ বদৰুদ্দিন আজমলক কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় , ‘‘AIUDFৰে মিত্ৰতা নকৰিলে এইবাৰ কংগ্ৰেছ শূন্য হ’ব ৷ যদি মিত্ৰতা নকৰে তেন্তে কেইখন আসন পাব ? কলিয়াবৰ লোকসভা সমষ্টিয়ো কংগ্ৰেছৰ হাতৰ পৰা যাব(Badruddin Ajmal on alliance with congress) ৷’’

ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Constitution delimitation) প্ৰসংগ উল্লেখ কৰি আজমলে কয়, ‘‘নতুনকৈ যি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ আছে সেই হিচাপে আমি দুখন আসন পাই আছোঁ ৷ মিত্ৰতা নকৰিলে নগাঁও হেৰুৱাব কংগ্ৰেছে ৷ কাৰণ আমি কলিয়াবৰ আৰু নগাঁও দুয়োটা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিম ৷’’

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে, প্ৰদেশ কংগ্ৰেছৰ সৈতে মিত্ৰতা নহলেও AICCৰ সৈতে ঠিকেই আছে বুলি অতি কৌশলী মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷ উল্লেখ্য যে, শেহতীয়াকৈ AIUDFৰে মিত্ৰতা সন্দৰ্ভত প্ৰকাশ কৰিছি নিখিল কংগ্ৰেছে ৷ AIUDFৰ সেতৈ কংগ্ৰেছৰ মিত্ৰতাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ৷ লগতে আজমলে বিজেপিৰ মুখৰ কথামতেহে চলে বুলিও মন্তব্য কৰিছিল জয়ৰাম ৰমেশে ৷ কিন্তু তাৰ পিছতো কংগ্ৰেছৰ মোহ এৰিব পৰা নাই আজমলে ৷

ইফালে, বৰপেটা, কৰিমগঞ্জ আৰু ধুবুৰী লোকসভা আসন কেইখনো AIUDFৰ তালিকাত আছে বুলি বুধবাৰে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷ আনহাতে ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ চাৰিজনীয়া প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰশ্ন কৰাত কংগ্ৰেছৰ চাৰিজনে একেলগে মনোনয়নত চহী কৰিলেও মোক হৰুৱাব নোৱাৰে বুলি দাবী আজমলৰ ৷ বিগত লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ ধুবুৰীৰ পৰা 25ৰ পৰা 30 শতাংশ ভোট লাভ কৰি চতুৰ্থবাৰৰ বাবে জয়ী হ’ব বুলিও দাবী কৰে আজমলে ৷

উল্লখ্য যে, বুধবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত এপিডিচিএলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত উপস্থিত থাকি সাংসদ বদৰুদ্দিন আজমলে বিদ্যুৎ যোগানৰ পৰা আৰম্ভ কৰি সকলো দিশৰে বুজ লয় ৷

লগতে পঢ়ক: Jairam Ramesh slams Badruddin Ajmal: বিজেপিৰ মুখৰ কথাত চলে আজমল: জয়ৰাম ৰমেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.