ধুবুৰীত মাৰণাস্ত্ৰ-ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক

author img

By

Published : Sep 25, 2022, 7:50 PM IST

arms and drugs seized in dhubri

মহালয়াৰ দিনাই ধুবুৰীত চাঞ্চল্য । ধুবৰী আৰক্ষীয়ে অভিযান চলাই মাৰণাস্ত্ৰ আৰু ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে (Man arrested with arms and drugs) । ধুবুৰী চহৰৰ হৰিসভা অঞ্চলৰ এখন কফি শ্বপত ড্ৰাগছ তথা মাৰণাস্ত্ৰসহ যুৱকজন ৰৈ থকাৰ খবৰ পাই ধুবুৰী আৰক্ষীয়ে চলাইছিল অভিযান ।

ধুবুৰী,২৫ ছেপ্টেম্বৰ: মহালয়াৰ দিনাই ধুবুৰী আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মাৰণাস্ত্ৰ আৰু ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে(Dhuburi police seized arms and drugs) । প্ৰাপ্ত তথ্য অনুসৰি ধুবুৰী চহৰৰ হৰিসভা অঞ্চলৰ এখন কফি শ্বপত এজন লোকে ড্ৰাগছ আৰু মাৰণাস্ত্ৰ লৈ থকাৰ এক তথ্য লাভ কৰে ধুবুৰী আৰক্ষীয়ে ।

ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জীৰাণী শৰ্মাৰ নেতৃত্বত ধুবুৰী চহৰৰ উপ পৰিদৰ্শক হিৰকজ্যোতি দাসসহ এদল আৰক্ষীয়ে অতৰ্কিতে তালাচী চলাই কফিশ্বপখনৰ ভিতৰৰ পৰা বাছেৰ উদ্দিন খান নামৰ এজন যুৱকক আটক কৰে (Man arrested with arms and drugs) ।

arms and drugs seized in dhubri
ধুবুৰীত মাৰণাস্ত্ৰ-ড্ৰাগছসহ গ্ৰেপ্তাৰ এজনক

তাৰ পিছতে যুৱকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা পিষ্টল, দুটা মেগজিন, ড্ৰাগছ ভৰ্তি পাঁচটা কণ্টেইনাৰ আৰু ৫৫০ টা নিচাজাতীয় টেবলেট আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ধুবুৰীৰ মাঝেৰচৰ প্ৰথম খণ্ড গাঁৱৰ ইছমাইল খানৰ পুত্ৰ বাছেৰ উদ্দিন খান নামৰ যুৱকজনৰ পৰা ড্ৰাগছৰ উপৰিও মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই বিভিন্ন দিশ উন্মোচন কৰিছে । যদিও অধিক তথ্য উদঘাটনৰ বাবে যুৱকজনক ধুবুৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ডিব্ৰুগড়তো দেৱী বিসৰ্জনৰ সময়ত বজাব নোৱাৰিব DJ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.