Bhupen Bora criticized CM: হিমন্ত বিশ্ব শৰ্মা চল চাই কঠিয়া পৰাত পাকৈত: ভূপেন বৰা

author img

By

Published : Nov 5, 2022, 9:32 PM IST

APCC president Bhupen Bora criticize CM Himanta Biswa Sarma

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) আক্ৰমণৰ লক্ষ্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে, পৰিৱেশ, পৰিস্থিতিভেদে কথা সলোৱাত সিদ্ধহস্ত এইজন মুখ্যমন্ত্ৰী । সুবিধা বুজি কঠিয়া পৰাত পাকৈত হিমন্ত বিশ্ব শৰ্মাৰ পাভলুটি মৰা চৰিত্ৰ অসমৰ ৰাইজে চিনি পাবলৈ বাকী নাই বুলি শনিবাৰে এইদৰে মন্তব্য কৰে ভূপেন বৰাই (Bhupen Bora criticized Assam CM ) ।

ধুবুৰী, 5 নৱেম্বৰ:‘‘ হু ইজ মিনিষ্টাৰ, মিনিষ্টাৰ কোন হয় ডি চি, এছ পি মোৰ বুলি কব পাৰে ৰাজহুৱা মঞ্চত । ডি চি, এছ পি সমাজৰ দায়বদ্ধতা, ডি চি, এছ পি আইনৰ ৰক্ষক, কেৱল মন্ত্ৰীৰ বাবে নহয় । অসমত আজি ‘ছিংঘম'ৰ দৰে পুলিচ বিষয়া যিদিনা ওলাব সেইদিনা অসমৰ ছিণ্ডিকেটৰাজ বন্ধ হ’ব । কাৰণ এই কথা ৰাইজেও উপলব্ধি কৰিছে ।’’ শনিবাৰে ধুবুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (APCC president Bhupen Bora) বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি এইদৰে কয় (Bhupen Bora criticized BJP govt) ৷

হিমন্ত বিশ্ব শৰ্মা চল চাই কঠিয়া পৰাত পাকৈত: ভূপেন বৰা

লগতে বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ নেতৃত্বতে সমগ্ৰ ৰাজ্যজুৰি ছিণ্ডিকেটৰাজ চলিছে বুলি তেওঁ কয় । ধুবুৰী জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেলত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু তিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সভাপতি বৰাই কয় যে বিজেপিৰ শাসনত অসমৰ ৰাজকোষ দেউলীয়া হৈছে । সভাপতিগৰাকীয়ে লগতে কয়, এই পর্যন্ত ১ লাখ ১৫ হেজাৰ কোটি টকাৰ অধিক টকা ঋণত পোত গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ।

সভাপতি গৰাকীয়ে কয়, “আমি যিদিনা গোলকগঞ্জত ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিলোঁ সেই দিনটোত অতি নগ্নভাৱে উন্মোচিত হৈছে ৮০০ কোটি টকাৰ ঋণ ৰিজাৰ্ভ বেংকৰ পৰা এইখন চৰকাৰে লোৱাৰ তথ্য । সেই টকা অসমৰ ৰাইজৰ উন্নয়নৰ বাবে নহয়, বৰং ব্যক্তিগত হিতাধিকাৰী আঁচনি (আই বি এছ) আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়ক-কৰ্মচাৰীৰ দা-দৰমহাৰ বাবে লৈছে ।’’

ইয়াৰোপৰি, চলিত বছৰত ১৭ হেজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’বলৈ যো-জা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৷ তাৰোপৰি সম্প্ৰতি বিজেপি চৰকাৰে পাঁচ শতাধিক সুৰাৰ দোকান নতুনকৈ খোলাৰ অনুজ্ঞাপত্ৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা সন্দৰ্ভত মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

অসমীয়া জাতিক নিচাসক্ত কৰি অৰাজকতা আৰু লুণ্ঠনৰ মাজেৰে শাসনৰ জৰী হাতত ৰাখিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘উন্নয়নৰ গংগা’ৰ পৰিৱৰ্তে ‘সুৰাৰ বন্যা’ বোৱাবলৈ এই অভিসন্ধি কৰিছে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ ভূপেন বৰাই সাংবাদমেলত এ আই ইউ ডি এফৰ প্ৰসংগত কয় যে, শাসকীয় পক্ষৰ এচামে প্ৰচাৰ চলাইছে যে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নহ’ব বুলি কংগ্ৰেছে লোৱা সিদ্ধান্তটো এখন নাটক ।

কিন্তু কোনো নাটক নহয়, এয়া দলৰ সংঘবদ্ধ সিদ্ধান্ত বুলি উল্লেখ কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সন্মতি আগবঢ়াইছে আৰু কোনো কাৰণতে এ আই ইউ ডি এফৰ সৈতে ভৱিষ্যতে মিত্ৰতাৰ প্ৰশ্ন নুঠে বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

লগতে এই সিদ্ধান্ত কেৱল ভূপেন বৰাৰ সিদ্ধান্ত নহয়, এয়া কংগ্ৰেছ দলৰ এক উমৈহতীয়া সিদ্ধান্ত বুলিও কয় তেওঁ ৷ তদুপৰি তেওঁ আজমলে প্ৰতিনিধিত্ব কৰা সমষ্টি ধুবুৰীত বন্ধ হৈ থকা জুইশলা উদ্যোগটো পুনৰ জীয়াই তুলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) আক্ৰমণৰ লক্ষ্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে, পৰিৱেশ, পৰিস্থিতিভেদে কথা সলোৱাত সিদ্ধহস্ত এইজন মুখ্যমন্ত্ৰী । সুবিধা বুজি কঠিয়া পৰাত পাকৈত হিমন্ত বিশ্ব শৰ্মাৰ পাভলুটি মৰা চৰিত্ৰ অসমৰ ৰাইজে চিনি পাবলৈ বাকী নাই বুলি মন্তব্য কৰে ভূপেন বৰাই (Bhupen Bora criticiz Assam CM ) ।

ভাৰত জোড়ো যাত্রা (Bharat Jodo Yatra) সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে অসমৰ একতা, শান্তি, প্ৰগতি আৰু সমন্বয় সৃষ্টিৰ বাবে এই পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । লগতে ১২৬ গৰাকী স্থায়ী পদযাত্ৰীয়ে নিতৌ তেওঁৰ সৈতে এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু ৯ টা লোকসভা সমষ্টি, ১৪ খন জিলা আৰু ৪৬ টা বিধানসভা সমষ্টিক চুই এই যাত্ৰা শদিয়া অভিমুখে আগবাঢ়িছে বুলিও মন্তব্য কৰে তেওঁ ।

লগতে পঢ়ক: Bhupen Bora on challenge: লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা আজমলক উৎখাত কৰাৰ সংকল্প কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.