ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত য়েছে দৰজে ঠংচিৰ সৈতে অন্তৰংগ আলাপ

author img

By

Published : Sep 22, 2022, 11:51 AM IST

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত য়েছে দৰজে ঠংচিৰ সৈতে অন্তৰংগ আলাপ

বুধবাৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত লেখক তথা সাহিত্যিক য়েছে দৰজে ঠংচিৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় (Antaranga Aalap with Yeshe Darje Thangchi) ৷

ধুবুৰী, 22 ছেপ্টেম্বৰ: "অসমীয়া মাধ্যমত পঢ়াৰ বাবে মই আজি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'লো ৷ অসমীয়া মাধ্যমত পঢ়ি অত্যন্ত সুখী। অসমীয়া মাধ্যমত পঢ়াৰ বাবে মই আজি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'লো আৰু ৰাইজৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হ'লো ৷" ৰাজ্যত মাধ্যম বিতৰ্ক অব্যাহত থকাৰ সময়তে বুধবাৰে ধুবুৰীৰ ঐতিহাসিক ভোলানাথ মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট লেখক তথা সাহিত্যিক য়েছে দৰজে ঠংচিয়ে (Yeshe Darje Thangchi at Bholanath College Dhubri) ৷

বুধবাৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত লেখক তথা সাহিত্যিক য়েছে দৰজে ঠংচিৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় (Antaranga Aalap with Yeshe Darje Thangchi)৷ এই বিশেষ অনুষ্ঠানটোত সাহিত্যিকগৰাকীক মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানটোৰ উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে ৷

ভাষণ প্ৰসংগত ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে মহাবিদ্যালয়খনৰ জন্মলগ্নৰ ইতিহাস ব্যক্ত কৰাৰ লগতে সাহিত্যিক গৰাকীৰ পদাৰ্পণে মহাবিদ্যালয়খনৰ লগতে অঞ্চলটোক ধন্য কৰিলে বুলি মন্তব্য প্ৰকাশ কৰে ৷ এই অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই সাহিত্যিক গৰাকীৰ জীৱন, কৰ্মৰ ওপৰত আলোকপাত কৰাৰ লগতে তেখেতৰ সাহিত্য কৰ্মৰ ব্যাখ্যা দাঙি ধৰে ৷

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত য়েছে দৰজে ঠংচিৰ সৈতে অন্তৰংগ আলাপ

ড৹ শৰ্মাই লগতে কয় যে মাধ্যম কেতিয়াও জীৱনৰ প্ৰগতিৰ হেঙাৰ হ'ব নোৱাৰে ৷ এখন বেলেগ ৰাজ্যৰ বাসিন্দা হৈও অসমীয়া বিভাগত অধ্যয়ন কৰি স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী অসমীয়াতে লাভ কৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন উচ্চ পদ গ্ৰহণ কৰিছিল। ইয়াৰোপৰি অসমীয়া সাহিত্য চৰ্চা আৰম্ভ কৰি অসমীয়া সাহিত্যৰ জগতখনত সুপ্ৰতিষ্ঠা লাভ কৰিলে। বিভিন্ন সন্মান পোৱাৰ লগতে ভাৰত চৰকাৰৰ সন্মানীয় পদ্মশ্ৰী সন্মান লাভ কৰে ৷

অন্তৰংগ আলাপৰ ভাষণ প্ৰসংগত সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক য়েছে দৰজে ঠংচিয়ে জীৱনৰ বিৰল অভিজ্ঞতা দাঙি ধৰে( (Yeshe Darje Thangchi on language controversy)৷ এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ দ্বীপেন্দ্ৰ কুমাৰ অধিকাৰীয়ে৷ অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড৹ অলকা শৰ্মাই।

মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা বৰা, অধ্যাপক-অধ্যাপিকা ড৹ পলী বেজবৰুৱা,ড৹ কৰুণা কান্ত দাস, দেৱশ্ৰী ৰায়, ছাইফুল হাচান, দীপাংকৰ বৰা, ড৹ মালবিকা বৰা, ধৰিত্ৰী সৰকাৰ, মতিউৰ ৰহমান, ছাইদুল ইছলাম, বেবী বৰা, গ্ৰন্থাগাৰিক কংকণা চক্ৰৱৰ্তী আদিৰ লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: অসমৰ মন্ত্ৰীৰ অদক্ষতাৰ বাবে অৰুণাচলৰ হাতত অসমৰ বহু মাটি : আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.