Broiler syndicate in Dhubri : অসম-বংগ সীমান্তত ব্ৰইলাৰৰ বৃহৎ ছিণ্ডিকেট

author img

By

Published : Jul 31, 2022, 10:23 PM IST

Updated : Jul 31, 2022, 10:40 PM IST

Broiler syndicate Dhubri

অসম-বংগ সীমান্তৰ ছাগলীয়াত ব্ৰইলাৰ ছিণ্ডিকেটৰ গুণ্ডাটেক্স সংগ্ৰহ । তিনি দালালক লৈ ধুবুৰীৰ এম ভি আইয়ে গঢ়িছে বৃহৎ ছিণ্ডিকেট । প্ৰতিখন বাহনৰ পৰা ছিণ্ডিকেট চক্ৰক আদায় দিব লাগে 12,500 টকাৰ গুণ্ডাটেক্স । এই অভিযোগ ব্ৰইলাৰ ব্যৱসায়ী সন্থাৰ (Allegation broiler syndicate in Assam Bengal border) ।

ধুবুৰী, 31 জুলাই : পশ্চিমবংগৰ পৰা অসমলৈ প্ৰতিদিনেই সৰবৰাহ হৈছে ব্ৰইলাৰ মূৰ্গী (Broiler business in Assam)। অসমৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ব্ৰইলাৰ মূৰ্গী আৰু মূৰ্গীৰ মাংসৰ ব্যৱসায় কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে । স্থায়ী উপাৰ্জনৰ পথ মোকোলাই লৈছে হেজাৰ হেজাৰ ব্যৱসায়ীয়ে ।

অসম বংগ সীমান্তত ব্ৰইলাৰৰ বৃহৎ ছিণ্ডিকেট অভিযোগ

কিন্তু এইসকল ব্যৱসায়ীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । কাৰণ পশ্চিমবংগৰ পৰা ধুবুৰীলৈ অহা প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ পৰা দীৰ্ঘ দিনে এটা ছিণ্ডিকেট চক্ৰই অবৈধ ভাৱে লাখ লাখ টকাৰ গুণ্ডাটেক্স সংগ্ৰহ কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ব্যৱসায়ীসকলে (Allegation broiler syndicate in Assam Bengal border) ।

অসম-বংগৰ ছাগলীয়া সীমান্তৰে ধুবুৰীত প্ৰৱেশ কৰাৰ পিছত ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী ৰখাই জনৈক বাদল, ৰবি আৰু জীৱনে প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ পৰা সংগ্ৰহ কৰিছে 12,500 টকালৈ । তাৰ পিছতেই গুণ্ডাটেক্স আদায় দিয়া বাহনৰ নম্বৰ দিয়া হয় ধুবুৰী পৰিবহন বিভাগৰ এম ভি আই লৈ ।

সেইমতে, এম ভি আয়ে লাভ কৰা বিশেষ নম্বৰৰ গাড়ীসমূহলৈ সেউজ সংকেত দিয়াৰ বিপৰীতে টকা অৰ্থাৎ গুণ্ডাটেক্স আদায় নিদিয়া গাড়ীসমূহ আটক কৰি বিভিন্ন প্ৰকাৰে জৰিমনা আৰু হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । ইপিনে তিনিজনীয়া দালাল আৰু এম ভি আইৰ নেতৃত্বত গঢ়ি উঠা ছিণ্ডিকেট চক্ৰৰ উপৰিও নিয়মিত ভাৱে ধন সংগ্ৰহৰ অভিযোগ আছে আৰক্ষীৰ বিৰুদ্ধেও ।

লগতে পঢ়ক : FIR Against Angurlata Deka: নলবাৰীত আঙুৰলতা ডেকাৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

আজি এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধুবুৰী ব্ৰইলাৰ মূৰ্গীৰ পাইকাৰী ব্যৱসায়ী সন্থাই । ধুবুৰীৰ নিউ মাৰ্কেটত আয়োজন কৰা সংবাদমেলত জনৈক বাদল, ৰবি আৰু জীৱন আৰু ধুবুৰী পৰিবহন বিভাগৰ এম ভি আইয়ে বৃহৎ ছিণ্ডিকেট চলাইছে বুলি সন্থাই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

উল্লেখ্য যে, পশ্চিম বংগৰ পৰা প্ৰতিদিনেই প্ৰায় শতাধিক বাহনেৰে ব্ৰইলাৰ আমদানি কৰা হয় অসমৰ বিভিন্ন প্ৰান্তলৈ । এনেক্ষেত্ৰত যদি প্ৰতিখন বাহনৰ পৰা 12,500 টকাকৈ গুণ্ডাটেক্স সংগ্ৰহ কৰা হয়, তেন্তে প্ৰতিদিনে প্ৰায় 10 ৰ পৰা 12 লাখ টকালৈকে অবৈধ ভাৱে গুণ্ডাটেক্স সংগ্ৰহ কৰি আহিছে ছিণ্ডিকেট চক্ৰই ।

আনহাতে, কেৱল ধুবুৰীলৈ প্ৰতিদিনে প্ৰায় 15 খন বাহনেৰে ব্ৰইলাৰ আমদানি কৰা হয় । প্ৰতিখনৰ পৰা যদি 12,500 টকাকৈ সংগ্ৰহ কৰা হয়, তেন্তে ১ লাখ ৮৭ হাজাৰ ৫০০ টকাকৈ প্ৰতিদিনে সংগ্ৰহ কৰি আহিছে ছিণ্ডিকেট চক্ৰই । ছিণ্ডিকেট চক্ৰৰ দ্বাৰা এনে হাৰাশাস্তিৰ সন্মুখীন হৈ আজিৰে পৰা অনিৰ্দিষ্টকালৰ বাবে ব্যৱসায় বন্ধ ৰাখি একপ্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ধুবুৰীৰ ব্যৱসায়ীসকলে ।

লগতে পঢ়ক : Drugs in Nagaon : নগাঁৱত আকৌ ড্ৰাগছৰ ঘাটিয়ে মেলিছে পোখা

Last Updated :Jul 31, 2022, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.