উন্নয়নৰ সংজ্ঞাই ঢুকি নোপোৱা এখন গাঁও

author img

By

Published : Aug 21, 2022, 4:22 PM IST

Villagers in  Jonai deprived of govt schemes

উন্নয়নৰ পোহৰে ঢুকি নোপোৱা এখন গাঁও ৷ ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মিৰি টাক গাঁৱৰ দৃশ্য এয়া (Villagers in Jonai deprived of govt schemes)৷

জোনাই, 21 আগষ্ট: স্বাধীনতা লাভ কৰাৰ সাত দশকৰ পিছতো উন্নয়নৰ পোহৰে ঢুকি নোপোৱা এখন গাঁও ৷ কিন্তু গাঁওখন কোনা চৰ অঞ্চল কিম্বা ভিতৰুৱা অঞ্চলৰ নহয়, ৫১৫ নং ৰাষ্ট্ৰীয় পথৰ নিচেই কাষতে থকা এইখন গাঁও ৷ ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মিৰি টাক গাঁৱৰ দৃশ্য এয়া ৷

প্ৰায় এশটা পৰিয়ালে বছৰ বছৰ ধৰি বাস কৰি অহা ২ নং মিৰি টাক গাঁৱত বাস কৰি আহিছে ৷ কিন্তু গাঁৱৰ কাষেদি বৈ অহা দেঃতাগ নদীখনৰ ওপৰত আজিলৈও নহ’ল এখন দলং ৷ ফলত গাঁওখনৰ কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগী-ৰইজে বাৰিষাৰ কথাতো বাদেই, খৰালিতো নদীখন পাৰ কৰিবলৈ যমৰ যাতনা ভুগিব লগা হৈছে ৷

উন্নয়নৰ সংজ্ঞাই ঢুকি নোপোৱা এখন গাঁও

প্ৰতিটো নিৰ্বাচনত নদীখনৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰা সাংসদ-বিধায়ক কিম্বা পঞ্চায়ত প্ৰতিনিধিবোৰ জয়ী হোৱাৰ পিছতো কাৰো আহৰি নহ’ল এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ৷ যাৰ ফলত প্ৰতি বছৰে ৰাইজৰ দান বৰঙনি আৰু শ্ৰমদানেৰে নদীখনৰ ওপৰত সাধাৰণ বাহৰ দলং সাজি বিপদসংকুল ভাৱে কোনোমতে বহিঃজগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷

দেওবাৰে ২ নং টাক মিৰি গাঁৱত ৰাইজে দে:তাক নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰিবলৈ কণ কণ ছাত্ৰ-ছাত্ৰী তথা গাঁৱৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অচিৰেই নদীখনৰ ওপৰত এখন দলং নিৰ্মাণৰ লগতে ৰাস্তা-পদুলি নিৰ্মাণ কৰি দিবলৈ গাঁৱৰ লোকে অসমৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: চিৰাঙৰ 43 টা কেন্দ্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.