UBPO Meeting in Jonai : চিমেন চাপৰিত সংযুক্ত বড়ো গণ মঞ্চৰ গুৰুত্বপূৰ্ণ সভা

author img

By

Published : Jan 27, 2023, 7:14 PM IST

Jonai

সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅ'ৰ গুৰুত্বপূৰ্ণ সাধাৰণ সভা । সভাত বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ (Bodo Kachari Welfare Autonomous Council, BKWAC) নিৰ্বাচন অনুষ্ঠিত কৰা, অধিক পুঁজি আৱণ্টন দিয়াৰ দিবা । উক্ত সভাতে নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে । শুকুৰবাৰে চিমেন চাপৰিত অনুষ্ঠিত হয় সংযুক্ত বড়ো গণ মঞ্চৰ এই সাধাৰণ সভা ।

জোনাইৰ চিমেন চাপৰিত সংযুক্ত বড়ো গণ মঞ্চৰ সভা

জোনাই, ২৭ জানুৱাৰী : সংযুক্ত বড়ো গণমঞ্চ চমুকৈ ইউবিপিঅ'ৰ (United Bodo Peoples Organization, UBPO) এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা শুকুৰবাৰে সানজাৰি নৌগৌৰ চিমেন চাপৰিস্থিত অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় (UBPO meeting in Dhemaji Simen Chapori) । ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইউবিপিঅ'ৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই ।

সভাৰ উদ্বোধনী ভাষণ আগবঢ়াই বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ (Bodo Kachari Welfare Autonomous Council, BKWAC) উপ-মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰীয়ে কয় যে সেৱাৰ মনোভাব পোষণ কৰি ত্যাগ আৰু কষ্টসাধ্য চিন্তাৰে জাতীয় সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বলিষ্ঠভাৱে সংগঠনৰ নেতৃত্ব বহন কৰিব লাগিব । তেওঁ লগতে কয়, সমাজক নেতৃত্ব দিবলৈ অভিজ্ঞতা বুটলিব লাগিব, নতুন ধ্যান-ধাৰণা থাকিব লাগিব ।

আজিৰ সভাতে বিগত ৫, ৬ আৰু ৭ জানুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ইউবিপিঅ'ৰ অষ্টম বাৰ্ষিক বছৰেকীয়া অধিবেশনৰ প্ৰতিনিধি সভাই পুনৰ মনোৰঞ্জন বসুমতাৰীক সভাপতি, ললিত চন্দ্ৰ ব্ৰহ্ম, ৰঞ্জন বসুমতাৰী, বাদল মুছাহাৰীক উপ-সভাপতি, পীতাম্বৰ ব্ৰহ্মক সাধাৰণ সম্পাদক, অমিত কুমাৰ বসুমতাৰী, অবিৰাম বড়োক সহকাৰী সাধাৰণ সম্পাদক, প্ৰবীণ ব্ৰহ্ম, সুশান্ত মুছাহাৰীক সম্পাদক, ঘনকান্ত মহেলাক অধ্যক্ষ, জোনাৰাম ব্ৰহ্মক উপাধ্যক্ষ, কাতিৰাম তুলছীয়াৰী, প্ৰাণজিতা বড়ো, প্ৰদীপ কুমাৰ মহেলা, অতুল গয়াৰী, কবিতা বসুমতাৰী, ৰাতিৰাম বড়োক সাংগঠনিক সম্পাদক হিচাপে লৈ গঠন কৰা ইউবিপিঅ'ৰ নতুন কাৰ্যকৰী সমিতিখনে শপত গ্ৰহণ কৰে ।

নৱনিৰ্বাচিত সমিতিখনৰ সভাপতি মনোৰঞ্জন বসুমতাৰীক ইউবিপিঅ'ৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই শপতবাক্য পাঠ কৰোৱায় । আন বিষয়ববীয়াসকলক সদ্য দায়িত্বপ্ৰাপ্ত সভাপতিগৰাকীয়ে শপত বাক্য পাঠ কৰোৱায় । আজিৰ সভাই বড়ো মাধ্যমৰ শিক্ষাৰ ওপৰত আলোচনা কৰি তৃতীয় বড়ো শান্তি চুক্তিৰ ৬.৩ দফা অনুসৰি বিটিএডিৰ বাহিৰৰ বড়ো মাধ্যমৰ অমঞ্জুৰীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়বোৰক প্ৰয়োজন সাপেক্ষে বিশেষ ৰেহাই দি মঞ্জুৰীপ্ৰাপ্ত কৰাৰ আহ্বান জনায় ।

আনহাতে, অসম চৰকাৰে ইতিমধ্যে নতুনকৈ বিদ্যালয়সমূহ প্ৰাদেশীকৃত নকৰাৰ সিদ্ধান্ত লোৱাটো দুৰ্ভাগ্যজনক বুলি সভাই মত ব্যক্ত কৰে । লগতে বিটিচি চুক্তিৰ ৮ নং দফা আৰু তৃতীয় বড়ো শান্তি চুক্তিৰ ৬.১ নং দফা অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়োসকলক শীঘ্ৰে পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী জনায় ।

ইয়াৰ উপৰি তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.৩ অনুচ্ছেদ অনুসৰি অসম চৰকাৰে অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত আৰু অন্যান্য বনাঞ্চলত পৰম্পৰাগতভাৱে থকা লোকসকলক ২০০৬ চনৰ বনভূমি আইনৰ নিয়ম অনুসৰি বিটিএডিৰ বাহিৰত ৰৈ যোৱা লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ যিহেতু ব্যৱস্থা আছে, সেয়ে আইনখন সঠিকভাৱে তৎকালে কাৰ্যকৰী কৰিবলৈও দাবী জনায় । লগতে উক্ত আইনখন সম্পূৰ্ণ কাৰ্যকৰী নোহোৱালৈকে অসমৰ কোনো জনজাতীয় লোকক উচ্ছেদ নকৰিবলৈ দাবী জনায় ।

বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাঁও চিনাক্তকৰণ কৰি সমষ্টি গঠনৰ লগতে নিৰ্বাচন অনুষ্ঠিত কৰা, বিটিআৰ চুক্তিৰ আধাৰত তিনিবছৰলৈ আৱণ্টিত বছৰি পাঁচশ কোটি টকাৰ বিশেষ পুঁজিৰ অংশ হিচাপে বড়ো-কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ বছৰি এশ কোটিকৈ তিনিশ কোটি টকা মোকলাই দিয়া আৰু অসমৰ ২২ খনকৈ জিলাক সামৰি গঠন কৰা বিকেডব্লিউএচিলৈ অসম চৰকাৰৰ বছৰেকীয়া বাজেটৰ পুঁজি বৃদ্ধি কৰা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক :Assam Govt Moitri Scheme: হাউলী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন ভাস্কৰজ্যোতি মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.