জনশূন্য হ’ল জনবসতিপূর্ণ জোনাইৰ কবু চাপৰি

author img

By

Published : Sep 15, 2021, 7:59 PM IST

Updated : Sep 15, 2021, 9:31 PM IST

Two villages in Jonai were devastated due to floods

ধ্বংসস্তূপলৈ পৰিণত হ'ল ধেমাজি জিলাৰ জোনাইৰ দুখন জনবসতি গাঁও ৷ এটা সময়ত জনবসতিপূর্ণ তথা বিভিন্ন খেতি পথাৰেৰে নদন-বদন হৈ থকা গাঁও দুখন আজি পৰিণত হ'ল মৰুভূমিত ।

জোনাই, ৬ ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাইৰ দুখন জনবসতি গাঁও পৰিণত হ'ল ধ্বংসস্তূপলৈ । বছৰ বছৰ ধৰি জনবসতিপূর্ণ গাঁও দুখন হঠাৎ ৰূপান্তৰ হল ধ্বংসস্তূপলৈ । এটা সময়ত জনবসতিপূর্ণ তথা বিভিন্ন খেতি পথাৰেৰে নদন-বদন হৈ থকা গাঁও দুখন আজি পৰিণত হ'ল মৰুভূমিত । ঘৰ-দুৱাৰ, খেতি পথাৰ পোত গ’ল বালি পলসত ।

জনশূন্য হ’ল জনবসতিপূর্ণ জোনাইৰ কবু চাপৰি

ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ ১ নং আৰু ২ নং ৱাৰ্ডৰ চিয়াং নদীৰ ভয়ংকৰ বান খহনীয়াই তচনচ কৰিলে প্রায় শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, কৃষিভূমি । যোৱা কেইদিনমান পূর্বে কালৰূপ ধাৰণ কৰা চিয়াং নদীৰ প্ৰলংকাৰী বানে কবু চাপৰিৰ ১, ২, ৩ আৰু ৪ নং ৱাৰ্ডৰ শ শ পৰিয়ালৰ ঘৰবাৰী, কৃষিভূমি সম্পূৰ্ণৰূপে প্লাৱিত কৰিছিল ৷ বিশেষকৈ ১ আৰু ২ নং ৱাৰ্ডৰ বানাক্ৰান্ত ৰাইজক জোনাই মহকুমা প্রশাসনে জোনাই সদৰৰ এখন অস্থায়ী বান শিবিৰত আশ্রয় প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: চৰ্চাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া জন্মদিন

বান পৰিস্থিতি কিছু উন্নত হোৱাত একাংশ বানাক্রান্ত বাইজে পুনৰ কবু চাপৰিলৈ ঘুৰি আহি বিচাৰি পোৱা নাছিল নিজৰ আপোন ঘৰখন । বিচাৰি পোৱা নাছিল নিজৰ পশুধনক ।

চিয়াং নদীৰ প্ৰলংকাৰী বান খহনীয়াত বিশেষকৈ ১ নং আৰু ২ নং কবু চাপৰিৰ প্রায় অর্ধশতাধিক পৰিয়ালৰ ঘৰবাৰী জাহ গ’ল চিয়াং নদীৰ বুকুত । চিয়াং নদীৰ প্ৰলংকাৰী বানৰ বালি-পলসত পোত গৈ আছে প্রায় ৪০ টাৰো অধিক পৰিয়ালৰ ঘৰবাৰী । যাৰ ফলত কবু চাপৰিৰ প্রায় অর্ধশতাধিক পৰিয়ালৰ লোকে এতিয়া আশ্ৰয়হীনতাত ভুগিবলগীয়া হৈছে ৷

লগতে পঢ়ক: কাৰ পেটলৈ গ’ল সাৰ কাৰখানাৰ ১২ হাজাৰ কোটি টকা : প্ৰশ্ন প্ৰণতি ফুকনৰ

Last Updated :Sep 15, 2021, 9:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.