Fake teachers arrested in Dhemaji : ভুৱা নথিপত্ৰৰে শিক্ষকতা কৰা শিক্ষকক কৰায়ত্ত

author img

By

Published : Dec 26, 2021, 12:45 PM IST

Fake teachers arrested in Dhemaji

জালিয়াতিৰে চাকৰি লোৱা শিক্ষকৰ বিৰুদ্ধে ধেমাজি আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত আটক হয় দুজনকৈ ভুৱা শিক্ষক (Fake teachers arrested in Dhemaji) ৷

ধেমাজি, 26 ডিচেম্বৰ : যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগত (Education department of Assam) সংস্কাৰ অনাৰ লক্ষ্যৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়তে বিপথে পৰিচালিত হৈছে বিভাগটো ৷ ধেমাজি আৰক্ষীয়ে শেহতীয়াকৈ চলোৱা এক অভিযানত আটক কৰা হৈছে দুগৰাকী ভুৱা শিক্ষক ৷ জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগত আটক হৈছে শিক্ষকক দুগৰাকীক (Fake teachers arrested in Dhemaji) ৷

বৰ্তমান এই দুগৰাকী শিক্ষক ৰঙাঘৰৰ আলহী ৷ আটকাধীন শিক্ষকদ্বয় ক্ৰমে যতীন ৰামচিয়াৰী আৰু জয়ন্ত মিলি ৷ এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধেমাজি শিক্ষা বিভাগৰ দ্বাৰা দাখিল কৰা এক গোচৰৰ ভিত্তিত দুয়োগৰাকী শিক্ষককে আটক কৰা হৈছে ৷

ধেমাজিত আটক ভুৱা শিক্ষক

উল্লেখ্য যে, জয়ন্ত মিলি হৈছে ধেমাজিৰ ডিমৌ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (পূৰ্বৰ ডিমৌ মহাবিদ্যালয়) ৰ অধ্যক্ষ ৷ আনগৰাকী হৈছে চিমেন চাপৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক যতীন ৰামচিয়াৰী ৷

ধেমাজিৰ শিক্ষা বিভাগ তথা বৌদ্ধিক সমাজক কলংকিত কৰা এই ঘটনাই জিলাখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে ঘটনা সম্পৰ্কত অধিক তথ্যৰ বাবে ধেমাজি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে শিক্ষকদ্বয়ৰ ৷

লগতে পঢ়ক : ভুৱা শিক্ষক নিযুক্তি: নগাঁৱত সৰ্বশিক্ষাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.