1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Dec 6, 2021, 1:17 PM IST

top10 news

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

ভাৰতীয় নৌ সেনাৰ তৎপৰতাত কলকাতাত মুকলি Sandhayak

দেওবাৰে কলকাতাত মুকলি কৰা হ'ল চাৰিখন নতুন সুবিশাল জৰীপ জাহাজৰ ভিতৰত প্ৰথমখন জাহাজ 'সন্ধায়ক'(Navy launches 'Sandhayak' in Kolkata) । ভাৰতীয় নৌ সেনাই মুকলি কৰা এই নতুন জাহাজখন সামুদ্ৰিক আৰু ভূ-ভৌতিক তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব । 'সন্ধায়ক' জাহাজ অত্যাধুনিক হাইড্ৰ'গ্ৰাফিক সঁজুলিৰে সু-সজ্জিত ।

Swahid Divas Preparation : নলবাৰীত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতি তুংগত

সদৌ অসম ছাত্ৰ সন্থা(All Assam Students Union)ৰ কেন্দ্ৰীয় শ্বহীদ দিৱস(Swahid Divas) এইবাৰ পালন কৰা হ’ব নলবাৰীত ৷ নলবাৰীৰ ঐতিহ্যমণ্ডিত বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱস কাৰ্যসূচীৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে ৷

বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ অভিযন্তা

গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নৈৰ পাৰত বনভোজ খাবলৈ গৈ নিখোজ এজন ব্যক্তি(Man missing in Dhansiri River)৷ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ নৈত নমা অৱস্থাতে সন্ধানহীন হয় ব্যক্তিজন । সন্ধানহীন হোৱা ব্যক্তিজনৰ নাম ৰক্তিম বৰুৱা বুলি জানিব পৰা গৈছে ।

Vicky-Katrina Wedding : বিয়াৰ পূৰ্বে বিকী কৌশলৰ বাসগৃহত উপস্থিত কেটৰিণা

দেওবাৰে নিশা বিকী কৌশলৰ বাসগৃহত উপস্থিত হয় কেটৰিণা কাঈফ আৰু মাতৃ(Katrina Kaif spotted at Vicky Kaushal's residence) ৷ বিবাহ উপলক্ষে কেটৰিণাক এখন শাৰী, মাতৃ চুজেন টাৰকোটে(Suzanne Turquotte)ক সেউজীয়া ৰঙৰ কুৰ্তা আৰু দুপত্তা পৰিধান কৰা দেখা যায় ৷

Jaspreet Bumrah Birthday : পত্নী সঞ্জনাৰ দ্বাৰা Bowled হ’ল বিশ্বৰ অন্যতম শীৰ্ষ বলাৰগৰাকী

আজি ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহৰ জন্মদিন ৷ বিগত বছৰবোৰত বুমৰাহ ভাৰতীয় দলটোৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ বাবেও শ্ৰেষ্ঠ সিদ্ধান্ত হিচাপে বিবেচিত হৈ আহিছে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰা খেলুৱৈগৰাকীলৈ আন্তৰিক শুভেচ্ছা ৷

Russian President Putin to arrive Delhi : ভাৰত-ৰাছিয়াৰ সম্পৰ্কত অনন্য মাত্ৰা প্ৰদান কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ দিল্লী ভ্ৰমণে

আজি নতুন দিল্লীত উপস্থিত হ'ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন(Vladimir Putin to reach Delhi today) । ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণকালতে ভাৰত আৰু ৰাছিয়াৰ মাজত যোগাযোগ, জাহাজ চলাচল, মহাকাশ, সামৰিক-কাৰিকৰী সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু সংস্কৃতি বিষয়কে ধৰি ১০ খনতকৈও অধিক দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে(Bilateral agreements between India and Russia) ।

Jana Satabdi train from Tripura to Assam : ত্ৰিপুৰাৰ পৰা অসমলৈ চলিব জনশতাব্দী ৰে'ল

ত্ৰিপুৰাৰ আগৰতলাৰ পৰা অসমৰ শিলচৰলৈ চলিব জনশতাব্দী ৰে'ল(Jana Satabdi train service between Agartala-Silchar) । ইতিমধ্যে ত্ৰিপুৰা চৰকাৰে দিয়া প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰে'লৱে ব'ৰ্ডে । জনশতাব্দী ৰে'ল চলাচল সন্দৰ্ভত সেউজ সংকেত দি ত্ৰিপুৰা চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ।

Municipal Election 2022 : কঁকালত টঙালি বান্ধি সাজু অগপ দল

ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভা আৰু নগৰ সমিতিসমূহৰ নিৰ্বাচন(Municipal Election 2022) । নিৰ্বাচনৰ দিন নিশ্চিত হোৱাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দেখিবলৈ পোৱা গৈছে তৎপৰতা ৷ মিত্ৰদল বিজেপি আৰু অসম গণ পৰিষদে কেনেদৰে পৌৰসভা নিবাৰ্চন খেলিব তাকলৈ এতিয়া চলিছে জল্পনা কল্পনা ।

Jal Jeevan Mission : ২০২৩ ৰ ভিতৰত সম্পূর্ণ হ’ব জল জীৱন মিছনৰ কাম

২০২৩ চনৰ ভিতৰতে সম্পূর্ণ হ’ব কেন্দ্ৰীয় জল জীৱন আঁচনি(Jal Jeevan Mission)ৰ কাম ৷ এই ঘোষণা কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইতিমধ্যে ১৬ লাখ পৰিয়ালত জল সংযোগ দিয়াৰ তথ্যও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

Assam Government new SOP : আকৌ আৰম্ভ কৰা হৈছে কোৱাৰেন্টাইনৰ ব্যৱস্থা

বিশ্বৰ প্ৰায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ৰাজ্যত ক’ভিডৰ নতুন প্ৰকৰণৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নতুনকৈ জাৰি কৰিছে এছ অ’ পি ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দেওবাৰে নিশা ঘোষণা কৰে এই এছ অ’ পি(Assam Government issues new SOP) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.