BTR peace accord: বিটিআৰ চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰাৰ আহ্বান বড়ো সংগঠনৰ

author img

By

Published : Jan 27, 2023, 7:11 PM IST

Third anniversary of BTR accord

চিমেন চাপৰিত বিটিআৰ চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন ৷ 2020 চনৰ 27 জানুৱাৰীত দিল্লীত স্বাক্ষৰিত হৈছিল তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ চুক্তি (BTR third anniversary celebration) ৷ অনুষ্ঠানত বিভিন্ন বড়ো সংগঠনৰ নেতা-সদস্য উপস্থিত থাকে ৷ বিটিআৰ চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰাৰ আহ্বান চৰকাৰক ৷

বিটিআৰ চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন

জোনাই, ২৭ জানুৱাৰী: 2020 চনৰ 27 জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, এবছু, এনডিএফবিৰ চাৰিটা গোট, ইউবিপিঅ’ আৰু অসম চৰকাৰৰ মাজত সম্পাদিত হোৱা বড়ো শান্তি চুক্তিৰ শুকুৰবাৰে তৃতীয় বৰ্ষপূৰ্তি পালন কৰা হয় (BTR peace accord) ৷ ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় বিটিআৰ চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান (Third anniversary of BTR accord) ।

সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ’) আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে পুৱা ৭ বজাত স্বচ্ছতা অভিযান আৰম্ভ হয় ৷ ইয়াৰ পাচত পুৱা 8.30 বজাত পতাকা উত্তোলন কৰে ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে । পুৱা 9.30 বজাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে । ইয়াৰ পাচতে শ্বহীদ তৰ্পণ কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিঅ’ নাৰ্জাৰীয়ে (BTR third anniversary celebration) ।

দুপৰীয়া 12 বজাত ইউবিপিঅ’ৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই আঁতধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিকেডব্লিউএচিৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয়, বৰ্তমানৰ সময়ত বড়ো সকলৰ মাজত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ত্যাগ, কষ্ট আৰু জাতিপ্ৰেমী চিন্তাৰ প্ৰতিফলন ঘটিছে ৷ যিসকলে জাতিৰ মুক্তিৰ বাবে আত্মবলিদান দি গ'ল সেই মহান শ্বহীদৰ তেজৰ বিনিময়ত উঠি অহা প্ৰজন্মই উন্নয়নৰ মুখ দেখিবলৈ পাইছে (Third Boro peace accord) ৷

জাতিৰ উত্তৰণত সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব বুলি কৈ চৰকাৰে আৱন্টিত কৰা কম পুঁজিৰে অসমৰ 22 খন জিলা আৰু বৰাক উপত্যকালৈকে বিস্তৃত বিকেডব্লিউএচিয়ে আশা কৰা ধৰণে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সক্ষম নহয় বুলি তেওঁ উল্লেখ কৰে ৷ বিকেডব্লিউএচিক শক্তিশালী কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পদক্ষেপ ল'ব বুলি আশা ব্যক্ত কৰে মিহিনিশ্বৰ বসুমতাৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ সীমা সম্প্ৰসাৰণ কৰিব বুলি কৰা ঘোষণাক আদৰণি জনাই বিকেডব্লিউএচিৰ প্ৰধান গৰাকীয়ে (Inclusion of villages in BTR)।

ইউবিপিঅ’ ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে লগতে বিটিআৰ চুক্তিৰ সকলো দফা ৰূপায়নৰ জৰিয়তে বিটিআৰৰ বাহিৰৰ 22 খন জিলাত বসবাস কৰা দহ লক্ষধিক বড়ো জনগণৰ লগতে বৰাক উপত্যকাৰ ব্ৰু সকলৰ উন্নয়ন আৰু বিকাশ ঘটাবলৈ চৰকাৰক আহ্বান জনায় । অনুষ্ঠানত
সাংবাদিক ৰঞ্জিত কাকতি, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল, বিকেডব্লিউএচিৰ কাৰ্যবাহী অনিল বসুমতাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে নিজৰ বক্তব্য দাঙি ধৰে ।

সভাত আমন্ত্ৰিত অতিথি হিচাপে বিকেডব্লিউএচিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, আবৌফৰ সহকাৰী সাহিত্য সম্পাদিকা সৌৰ্জিলা ওৱাৰী, বিকেডব্লিউএচিৰ কাৰ্যবাহী অমিয় বসুমতাৰী, মুহিপাল বড়ো, দশৰথ বড়ো, এমএচিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী, বিটিএডিৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী উপস্থিত থাকে ৷

তাৰোপৰি ইউবিপিঅ’ৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, ললিত চন্দ্ৰ বড়ো, ইউবিপিঅ’ৰ কেইবাগৰাকীও শীৰ্ষ নেতা, বাথৌ মহাসভাৰ যুৱ সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰী, ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰীও উপস্থিত থাকে । অনুষ্ঠানত অনাতাঁৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, কণ্ঠশিল্পী ইলা ব্ৰহ্ম, অৰ্জন আৰ'নাই লগতে কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰে ।

লগতে পঢ়ক: Centre KLO Peace Talk : দীঘলীয়া হ'ব কে এল অ'ৰে কেন্দ্ৰৰ শান্তি আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.