ধেমাজিত ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

author img

By

Published : Sep 22, 2021, 3:31 PM IST

teaching-centre-inaugurated-in-dhemaji

ধেমাজিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(State Rural Livelihood Campaign)ৰ অধীনত ‘সৃষ্টি’(Sristi) নামৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি ৷ এই প্ৰশিক্ষণ কেন্দ্ৰটিৰ জৰিয়তে জিলাখনত থকা যুৱক-যুৱতী, মহিলা গোট, আত্মসহায়ক গোটক আৰ্থিক টনকিয়াল কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিব পৰা গৈছে ৷

ধেমাজি, 22 ছেপ্তেম্বৰ : ধেমাজিত মঙলবাৰে মুকলি কৰা হয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(State Rural Livelihood Campaign)ৰ অধীনত ‘সৃষ্টি’(Sristi) নামৰ এটি প্ৰশিক্ষণ কেন্দ্ৰ ৷ এই সামুদায়িক প্ৰশিক্ষণ কেন্দ্ৰটি হৈছে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ধেমাজি খণ্ডৰ অধীনৰ সৃষ্টি মণ্ডল পৰ্যায়ৰ সংগঠনৰ দ্বাৰা পৰিচালিত এটি কেন্দ্ৰ ৷ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে প্ৰশিক্ষণ কেন্দ্ৰটি মুকলি কৰে ৰাজ্যিক জীৱন জীৱিকাৰ মিছন ডাইৰেক্টৰ কৃষ্ণা বৰুৱাই ৷ ইয়াৰ লগত সংগতি ৰাখি এখন গুৰুত্বপূৰ্ণ সভাও অনুষ্ঠিত হয় ৷

teaching-centre-inaugurated-in-dhemaji
ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

‘সৃষ্টি’ৰ ধেমাজিৰ সম্পাদিকা সংগীতা পাত্ৰই আঁত ধৰা সভাখনত ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, মাছখোৱা জিলা পৰিষদৰ সদস্যা বৰ্ণালী বৰগোহাঁই, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী আৰু ধেমাজি জিলা উন্নয়ন আয়ুক্ত অৰূপ কুমাৰে উপস্থিত থাকি মহিলাসকলক প্ৰশিক্ষণ কেন্দ্ৰটিৰ দ্বাৰা প্ৰশিক্ষিত হৈ স্বাৱলম্বী হ’বলৈ আহ্বান জনায় ৷

teaching-centre-inaugurated-in-dhemaji
ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

উক্ত সভাত উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ বিষয়ববীয়াসকলৰ লগতে মহিলা সখী আৰু আত্মসহায়ক গোটৰ সদস্যসকল ৷ বৰ্তমানলৈকে ধেমাজি জিলাত 8,647 টা আত্মসহায়ক গোটক স্বাৱলম্বী হ’বৰ বাবে আৰ্থিক অনুদান আৰু 8,321 টা আত্মসহায়ক গোটলৈ ঘূৰ্ণীয়মান পুঁজি প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, জিলাখনত 502 টা গ্ৰাম্য সংগঠন গঠন কৰাৰ লগতে 1700 যুৱক-যুৱতীক আৰ্থিক টনকিয়াল কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ দিয়া বুলি বিভাগে সদৰী কৰে ৷

teaching-centre-inaugurated-in-dhemaji
ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

লগতে পঢ়ক: ডিব্ৰুগড়ত পালন আন্তৰ্জাতিক শান্তি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.