Siang River festival : পাচিঘাটত অনুষ্ঠিত হ'ব চিয়াং নদী উৎসৱ

author img

By

Published : Dec 17, 2021, 9:57 AM IST

siang-river-festival-at-pasighat

পাচিঘাটত অনুষ্ঠিত হ'ব নদী উৎসৱ(Siang River Festival at Pasighat) ৷ অনুষ্ঠানটোত উপস্থিত থাকিব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু(Arunachal pradesh CM Pema Khandu) ৷

জোনাই, 17 ডিচেম্বৰ : "চিয়াঙৰে গালং লুইতৰে খামটি আৰু টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে...'' সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই লিখি উলিওৱা এই গীতটোতো শুনিলেই অৰুণাচল প্ৰদেশৰ চিয়াঙৰ পাৰৰ বাৰেৰহণীয়া সভ্যতা-সংস্কৃতিৰ উমান পোৱা যায় ৷ পাহাৰী ৰাণী হিচাপে পৰিচিত পাচিঘাটৰ এই চিয়াং নদীৰ ঘাটত প্ৰত্যেক বছৰেই অনুষ্ঠিত হয় চিয়াং নদী উৎসৱ ৷

বিগত বৰ্ষৰ দৰেই এই বছৰো ডিচেম্বৰৰ 20 আৰু 21 তাৰিখে পাচিঘাটৰ ৰানাঘাটত অনুষ্ঠিত হ'ব চিয়াং নদী উৎসৱ(Siang River Festival at Pasighat) ৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চলি থকা 'আজাদি কা অমৃত' মহোৎসৱৰ লগত সংগতি ৰাখি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই উৎসৱটি ৷ এই উৎসৱ মুকলি কৰিব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খান্দুৱে(Pema Khandu will present Siang River Festival) ৷

পাচিঘাটত অনুষ্ঠিত হ'ব চিয়াং নদী উৎসৱ

ইয়াৰোপৰি উৎসৱটোত উপস্থিত থাকিব অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাও মেন, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ তথা জল শক্তি মন্ত্ৰালয়ৰ বিষয়া ৰাজীৱ যাদৱৰ লগতে ৰাজ্যখনক কেইবাজনো মন্ত্ৰী আৰু বিধায়ক ৷

ইতিমধ্যে এই উৎসৱৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে পাচিঘাট জিলা প্ৰসাশন আৰু আয়োজক সমিতিয়ে ৷ এই চিয়াং নদী উৎসৱৰ সহায়ত অৰুণাচলৰ সংস্কৃতি (Culture of Arunachal Pradesh) বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ এক চেষ্টা কৰা হ'ব বুলিও জানিব পৰা গৈছে ৷ এই চিয়াং নদী উৎসৱ সফল কৰাৰ ক্ষেত্ৰত সকলোৰে পৰা সহযোগ কামনা কৰিছে পাচিঘাট জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : Lok Sabha Election 2024: দায়িত্ব বাঢ়িল সোণোৱাল, তেলী, কলিতা, ৰয়, তাচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.