Jonai embankment scam : এজাক বৰষুণতে খহিল কোটি টকীয়া নিৰ্মীয়মান মথাউৰি

author img

By

Published : Aug 6, 2022, 10:51 PM IST

Jonai embankment scam

জোনাইত নিৰ্মীয়মান মথাউৰিৰ দুৰাৱস্থা অব্যাহত ৷ বৰষুণৰ ফলত পুনৰ খহিবলৈ ধৰিছে কোটি টকীয়া মথাউৰি ৷ লুণ্ঠনৰ থলীত পৰিণত হৈছে মথাউৰিটো (Jonai embankment scam) ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

জোনাই, ৬ জুলাই : জোনাইত এজাক বৰষুণতে পুনৰ জহি-খহি গৈছে নিৰ্মীয়মান অৱস্থাত থকা কোটি টকীয়া মথাউৰি (Embankment construction scam at Jonai ) ৷ ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই জলসম্পদ বিভাগ তথা ঠিকাদাৰৰ ৷ এই অভিযোগ জোনাইবাসীৰ ৷

তথ্য অনুসৰি, জোনাইৰ বেৰাচাপৰি অঞ্চলক চিয়া-লালী নৈৰ বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগে কেবাকোটি টকা ব্যয় কৰি বেৰা চাপৰিৰ বেৰামাজ গাঁৱৰ পৰা শান্তিপুৰলৈ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা মথাউৰিৰ নিৰ্মাণ কাম অব্যাহত ৰাখিছে ৷ কিন্তু অভিযোগ মতে, এই মথাউৰিৰ নিৰ্মাণৰ কামত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি (Jonai embankment scam) ৷

এজাক বৰষুণতে খহিল কোটি টকীয়া নিৰ্মীয়মান মথাউৰি

লগতে পঢ়ক : স্কুটী চলাই বগৰীবাৰীৰ বান চালেগৈ মুখ্যমন্ত্ৰীয়ে

এজাক বৰষুণ দিলেই বাৰে বাৰে খহি যোৱাৰ উপক্ৰম হয় এই মথাউৰিটো ৷ কিয়নো এই মথাউৰি নিৰ্মাণত ব্যৱহৃত হৈছে কেৱল বালি ৷ আনকি এই মথাউৰি নিৰ্মাণত কোনো বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

উল্লেখ্য যে, এনেধৰণৰ মথাউৰি নিৰ্মাণ এচাম বিষয়া আৰু ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে ৷ যাৰ ফলত নিৰ্মীয়মান এই মথাউৰিটোৰ অৱস্থাই ১৫-২০ খন গাঁৱৰ ৰাইজক চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক : পথ নহয় যেন ভৰ বাৰিষাৰ পথাৰ: যমৰ যাতনা ৰঙিয়া-উদিয়ানাবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.