বানত বন্যপ্ৰাণীয়ে কক-বকাই থকাৰ মাজতে যুৱকে উদ্ধাৰ কৰিলে শৰপহু

author img

By

Published : Sep 2, 2021, 10:48 PM IST

বানত বন্যপ্ৰাণীয়ে কক-বকাই থকাৰ মাজতে যুৱকে উদ্ধাৰ কৰিলে শৰপহু

ভদীয়া বানত কেৱল মানুহেই নহয় কক-বকাইছে পশুধন কিম্বা বন্য প্ৰাণীয়েও ৷ এনে সময়তে বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰিবলৈ ব্যৱহাৰ কৰা নাঁৱেৰে এজন যুৱকে উদ্ধাৰ কৰিলে এটা শৰপহু ৷ জানো আহক কি হ’ল শৰপহুটোৰ ৷

জোনাই, ২ ছেপ্টেম্বৰ: জোনাইৰ কবু চাপৰিৰ চিয়াং নদী(Siyang river) ত বুধবাৰে বানত উটি অহা অৱস্থাত এটা শৰপহু উদ্ধাৰ(Sambar deer rescued) কৰে এজন যুৱকে । মন কৰিব লগীয়া যে, চিয়াং নদীৰ ভয়ংকৰ বানে সম্প্ৰতি জোনাইৰ কবু চাপৰি সম্পূৰ্ণৰূপে বুৰাই পেলোৱাৰ পিছতে অঞ্চলটোৰ ৰাইজৰ গৰু, ম’হ আদি পশু ধন( cattle ) বানত উটি যায় ৷ ইয়াৰ লগতে এই সমগ্ৰ অঞ্চলটোৰ বনৰীয়া জন্তু বোৰেও এতিয়া প্ৰাণৰ মমতাত বানত কক-বকাই আছে ।

ইফালে, বুধবাৰে কবু চাপৰিৰ পৰা জোনাইলৈ বন্যাক্ৰান্ত(flood affected people) একাংশ ৰাইজক কঢ়িয়াই অনা এখন ইঞ্জিন চালিত নাৱেদি আহি থকা অৱস্থাত চিয়াং নদীৰ মাজত লাগি থকা গছ আৰু জেঙৰ ওপৰত আৱদ্ধ হৈ থকা এটা শৰপহু উদ্ধাৰ কৰে নাঁওখনৰ গৰাকী নাতন দলে নামৰ যুৱকনে । পানীত উদ্ধাৰ কৰা শৰপহুটোৰ সম্পৰ্কত যুৱকজনে জোনাই বন বিভাগ( Jonai forest department )ক অৱগত কৰে ৷

এই বিষয়ে জানিব পৰাত বন বিভাগে লগত পশু চিকিৎসকক লৈ ঘটনাস্থলীত উপস্থিত হয় ৷

উদ্ধাৰ হোৱা শৰপহুটো পশু চিকিৎসকে চিকিৎসা প্রদান কৰাৰ পিছত কিছু সুষ্ঠ হয় ৷ ইয়াৰ পিছতে, পবা সংৰক্ষিত বনাঞ্চল(Paba resreve forest)ৰ তিনিমাইল ভিতৰত শৰপশুটোক এৰি দিয়ে জোনাই বন বিভাগে ৷ উল্লেখযোগ্য যে, সম্প্ৰতি ভদিয়া বানৰ কৱলত পৰা সমগ্ৰ অঞ্চলটোত অঞ্চলবাসী ৰাইজৰে নহয় জীৱকুলৰো এতিয়া নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে ৷ অৱশ্যে, অঞ্চলবাসীয়ে এই জীৱ সমূহক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুৱাবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : জলমগ্ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.