বক্ৰ পথেৰে চাকৰি লৈ বিপদত ধেমাজিৰ দুই কৰ্মচাৰী

author img

By

Published : Sep 23, 2022, 12:57 PM IST

Dhemaji

ধেমাজিৰ উপায়ুক্তৰ কাৰ্যালয়ত বক্ৰ পথেৰে চাকৰি লৈছিল দুগৰাকী মহিলাই (Dhemaji DC office appointment controversy)। দুয়োগৰাকীক পদৰ পৰা আঁতৰাই নতুন নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আদালতৰ নিৰ্দেশ । আদালতৰ নিৰ্দেশনাৰ পাছতে উপায়ুক্তৰ কাৰ্যালয়ত হাহাকাৰ পৰিৱেশ ।

ধেমাজি,২৩ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া নিযুক্তি কেলেংকাৰীক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে (Recruitment scam in Assam)। অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । তেনে সময়তে ধেমাজি জিলাত নিযুক্তি কেলেংকাৰীৰ আন এক তথ্য পোহৰলৈ আহিছে । এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে ।

বক্ৰ পথেৰে নিযুক্তি পোৱা ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰকীক আঁতৰোৱাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে (Dhemaji DC office appointment controversy) ৷ ২০০৮ চনতে নীতি বহিৰ্ভূতভাৱে নিযুক্তি পোৱা ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ দুই কৰ্মচাৰীক আঁতৰাই পুনৰ বিজ্ঞাপন দি নতুনকৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰিছে । এই নিৰ্দেশনাৰ পাছতে ধেমাজিৰ উপায়ুক্তৰ কাৰ্যালয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে (Appointment scam in Dhemaji DC office) ৷

বক্ৰ পথেৰে চাকৰি লৈ বিপদত ধেমাজিৰ দুই কৰ্মচাৰী

ধেমাজি জিলা উপায়ুক্তৰ ব্যক্তিগত সহায়ক বৰ্ণালী দত্ত চাংমাই আৰু আন এগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী মৌচুমী ডেকাৰ নিযুক্তি বিসংগতিপূৰ্ণ বুলি যোৱা 8 ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত দীৰ্ঘ শুনানিৰ অন্তত পোহৰলৈ আহিছিল (High court order on Dhemaji DC office recruitment scam)। লগে লগে তেওঁলোকক আঁতৰাই নতুন নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া হৈছিল ।

উপায়ুক্তৰ কাৰ্যালয়ত ষ্টেনোগ্ৰাফাৰৰ দুটা পদত নিযুক্তি পোৱা বৰ্ণালী দত্ত চাংমাই আৰু মৌচুমী ডেকাই সেই সময়ত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কোনো প্ৰতিষ্ঠানৰ পৰা ষ্টেনোগ্ৰাফাৰৰ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ নিদিয়াকৈ নিযুক্তি লাভ কৰিছিল । এই নিযুক্তি বিসংগতিপূৰ্ণ বুলি উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি উক্ত দুই পদৰ বিপৰীতে বিজ্ঞাপন দি পুনৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি নতুন নিযুক্তিৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ৷ এই ক্ষেত্ৰত পূৰ্বে এই দুই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে চৰকাৰী নিৰ্দেশ অনুসৰি থকা বয়স ৰেহাইৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে ৷

লগতে পঢ়ক :আজি আক্ৰাছুৰ 24 ঘণ্টীয়া অসম বন্ধ, ৰাজপথত টায়াৰ জ্বলাই সমৰ্থকৰ প্ৰতিবাদ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.