অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক সম্বৰ্ধনা

author img

By

Published : Sep 20, 2022, 5:34 PM IST

SI exam

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক লৈ আনন্দিত জোনাইবাসী । বিভিন্ন সংগঠন তথা ৰাইজে সম্বৰ্ধনা জনালে উত্তীৰ্ণ প্ৰাৰ্থীক (Public felicitates candidates who passed SI exam)। উত্তীৰ্ণ প্ৰাৰ্থী আৰু পৰিয়ালে ধন্যবাদ জনালে চৰকাৰক ।

জোনাই,২০ ছেপ্টেম্বৰ : ৰাজ্যত নিযুক্তি কেলেংকাৰীক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে দেওবাৰে ঘোষণা হয় অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল (Assam Police Recruitment 2022)। ৫,২৬২ টা পদৰ বাবে ঘোষণা কৰা হয় এই ফলাফল । ফলাফল ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে ।

পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ লগতে পৰিয়ালৰ মাজতো ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইফালে বহু দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থীয়েও পৰীক্ষাত উত্তীৰ্ণ হৈছে । যাৰ বাবে সেই পৰিয়ালবোৰত যথেষ্ট আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । বাকী জিলাবোৰৰ লগতে ধেমাজিৰো কেইবাখনো গাঁৱৰ পৰা যুৱক-যুৱতী এই SI পৰীক্ষাত উত্তীৰ্ণ হৈছে ।

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক সম্বৰ্ধনা

জোনাইৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে গৌৰৱান্বিত হৈছে অঞ্চলৰ ৰাইজ (Jonai youth passed SI exam)। বৈকুন্ঠপুৰৰ ৰেষ্ট কেম্প গাঁৱৰ ঘনকান্ত কুলি আৰু ৰাকুট ককে গাঁৱৰ মিনু পাচুঙে অসম আৰক্ষীৰ SI পদত নিযুক্তি লাভ কৰি পিছপৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ।

দুগৰাকীকৈ যুৱক-যুৱতীয়ে SI পদত নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ সোমবাৰে গাঁওবাসী তথা আঞ্চলিক দল-সংগঠনে দুয়োগৰাকী প্ৰাৰ্থীক সামূহিকভাৱে সম্বৰ্দ্ধনা জনায় (Public felicitates candidates who passed SI exam)। ইফালে অতি পিছপৰা শান্তিপুৰ গাঁৱৰ তিনিজনকৈ যুৱক তথা চিৰামপুৰীয়া গাঁৱৰ এজন যুৱক আৰু এগৰাকী যুৱতী এই নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ।

নিযুক্তিৰ বাবদ এটকাও পইচা খৰছ নকৰাকৈ নিজৰ কষ্ট আৰু প্ৰচেষ্টাত তথা মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰা বুলি দাবী কৰা শান্তিপুৰৰ যুৱককেইজন হৈছে ক্ৰমে দীপক মেদক, বেনুধৰ পেগু আৰু বুবুল দত্ত তথা চিৰামপুৰীয়া গাঁৱৰ ৰহিম দলেৰ পুত্ৰ অতুল দলে আৰু ফুলমনি পেগু । স্বচ্ছ আৰু নিকাভাৱে নিজৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে নিযুক্তি লাভ কৰাত জোনাইৰ পৰা নিযুক্তি পোৱা প্ৰাৰ্থীৰ লগতে অভিভাৱকসকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :Assam SI exam result : কষ্ট সাৰ্থক হ’ল আমগুৰিৰ বিষ্ণুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.