গো-সুৰক্ষা আইনৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ

author img

By

Published : Sep 6, 2021, 8:42 PM IST

cow preservation act

‘‘গো-সুৰক্ষা আইনে খিলঞ্জীয়া খেতিয়কক পেটে ভাতে মাৰিব ৷’’ এই আইনৰ বিৰুদ্ধে খিলঞ্জীয়া খেতিয়কক ঐক্যবদ্ধ হ'বলৈ আহ্বান বিধায়ক অখিল গগৈৰ ৷ গো-সুৰক্ষা আাইন বাতিলৰ দাবীত জোনাইত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গো-পালকৰ ধৰ্ণা ৷

জোনাই, ৬ ছেপ্টেম্বৰ : গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত সোমবাৰে জোনাইত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু গো-পালকৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ জোনাইৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত শতাধিক গো-পালক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই দিনৰ ১১ বজাৰ পৰা এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক : Karbi peace accord : আদৰণি বনাম প্ৰতিবাদ !

নিজৰ বক্তব্যত গগৈয়ে কয় যে, অসমৰ বিজেপি চৰকাৰ আৰু সাম্প্ৰদায়িক আৰ এছ এছে মাত্ৰ দুটামান ধৰ্মীয় সম্প্ৰদায়ৰ ক্ষতি কৰিবলৈ গৈ অসমৰ অসমীয়া খিলঞ্জীয়া খেতিয়ক সকলক পেটে মাৰিব বিচাৰিছে । গো-সুৰক্ষা আইনৰ জৰিয়তে যিসকলৰ গো-মাংস খাদ্য বন্ধ কৰিব বিচাৰিছে, সেই সকলে গো-মাংস নোখোৱাকৈ জীয়াই থাকিব পাৰে; কিন্তু মিচিং, বড়ো, নেপালী খেতিয়ক আৰু আমাৰ খিলঞ্জীয়া অসমীয়া, যিসকলে গৰুৰে হালবাই, গৰু এটা বিক্ৰী কৰি নিজৰ ল’ৰা-ছোৱালীক মেট্ৰিক পৰীক্ষা দিয়াই সেইসকলৰ অৰ্থনৈতিক অৱস্থা কি হ’ব বুলি প্ৰশ্ন তোলে অখিল গগৈয়ে ৷

গো-সুৰক্ষা আইনৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ

সোমবাৰে জোনাই, ধেমাজি, মাজুলী, লখিমপুৰ, শদিয়া, লাইকা, দধিয়া এই অঞ্চল বিলাকৰ থলুৱা খেতিয়ক সকলৰ প্ৰধান জীৱিকাৰ উৎস হ’ল গৰু পালন । সেইকাৰণে এই মূহুৰ্তত গো-সুৰক্ষা আইনৰ বিৰুদ্ধে সকলো খিলঞ্জীয়া খেতিয়ক সকলে মাৰবান্ধি ঠিয় হ’ব লাগিব বুলি কয় বিধায়কজনে ।

লগতে পঢ়ক : বজালীত 20 টা প্ৰকল্পৰ বাবে 290 বিঘা ভূমি আবন্টন: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

যিহেতু বহু খিলঞ্জীয়া গো-পালকৰ মূলধন হৈছে এই গৰুবোৰ । গতিকে চৰকাৰে অনতি পলমে এই আইন বাতিল কৰক নহ’লে এই আইনত খিলঞ্জীয়া গো-পালকৰ গৰু সমূহ বিক্ৰী কৰিব পৰাকৈ ব্যৱস্থা ল’ব লাগে বুলিও তেওঁ উল্লেখ কৰে ৷ গো-সুৰক্ষা আইনৰ বিৰুদ্ধে জোনাইৰ পৰাই এই আন্দোলন আৰম্ভ কৰিছো বুলি উল্লেখ কৰি লাগিলে ইয়াৰ বাবে আৰএছএছ আৰু বিজেপিক উৎখাত কৰা হ’ব বুলি সকীয়াই দিয়ে অখিল গগৈৰ লগতে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, বিধানসভাত হাজাৰ বাদানুবাদকো একাষৰীয়া কৰি চৰকাৰে গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল ৷ তাৰ পাচতে বিৰোধী দল সমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে ৷ মাজুলীতো চাপৰিৰ গো-পালক সকলে এই আইন নমনাৰ হুংকাৰ দিছে ৷ কিন্তু নাচোৰবান্দা ৰাজ্য চৰকাৰে কোনো কাৰণতে সলনি কৰিব খোজা নাই গো-আইন সম্পৰ্কীয় স্থিতি ৷

লগতে পঢ়ক : চাৰি মাহত অসম আৰক্ষীয়ে সংঘটিত কৰিলে 53 টা এনকাউন্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.